নিউজ ডেস্ক: ছুৰীকাঘাত আৰু গুলীচালনাৰ ঘটনাত জাপানত নিহত হৈছে ৩ জন লোক। নাগানো প্ৰিফেকচাৰৰ নাকানো চহৰত ছদ্মবেশত অহা এজন লোকে এগৰাকী মহিলাক ছুৰীৰে আঘাত কৰাৰ পিছত চিকাৰী ৰাইফল ব্যৱহাৰ কৰা বুলি জানিব পৰা গৈছে। গুলীচালনাৰ ফলত দুজন আৰক্ষীও নিহত হোৱাৰ উপৰি আন এজন লোক আহত হয়।

জাপানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি আক্ৰমণকাৰী বুলি অভিযোগ উত্থাপন কৰা লোকজনক এটা অট্টালিকাৰ ভিতৰত বন্দী কৰি ৰখা হৈছে। বিগত বৰ্ষৰ জুলাই মাহত প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেক হত্যা কৰিলেও জাপানত বন্দুকৰ হিংসা অত্যন্ত বিৰল।

জাপানৰ সংবাদ সংস্থা কিয়’ড’ৰ মতে, প্ৰায় সন্ধিয়া ৭:২৫ বজাত এজন লোকে এগৰাকী মহিলাক খেদি ফুৰা আৰু তাৰ পিছত ছুৰীৰে আঘাত কৰা বুলি আৰক্ষীয়ে ফোন লাভ কৰে। লোকজনে জৰুৰীকালীনভাৱে অৱস্থান কৰা আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

আবে জাপানৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰধানমন্ত্ৰী আছিল আৰু তেওঁৰ মৃত্যুৱে সকলোৱে স্তম্ভিত কৰি তুলিছিল কিয়নো দেশত হেণ্ডগান নিষিদ্ধ আৰু ৰাজনৈতিক হিংসাৰ কাণ্ড প্ৰায় শুনা নাযায়।

জাপানত বন্দুক কিনিবলৈ হ’লে মানুহে কঠোৰ পৰীক্ষা আৰু মানসিক স্বাস্থ্য পৰীক্ষা দিব লাগিব। তেতিয়াও কেৱল শ্বটগান আৰু এয়াৰ ৰাইফলৰহে অনুমতি প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply