গোৱালপাৰা : গোৱালপাৰা জিলাত অঘটন। গোৱালপাৰাৰ লাক্ষীপুৰ অঞ্চলৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে একেটা পৰিয়ালৰ তিনিজনৰ। নিহত সকলৰ ভিতৰত আছে দুগৰাকী মহিলা। অঞ্চলটোৰ হাতীৰ মুক্ত বিচৰণকলৈ তীব্ৰ চাঞ্চল্য।
গোৱালপাৰা জিলাত পুনৰ হাতীৰ আক্ৰমণত মৃত্যু হৈছে মানুহৰ। জিলাখনৰ লাক্ষীপুৰ অঞ্চলৰ গৌৰনগৰত সংঘটিত হৈছে এই ঘটনা। সোমবাৰে পুৱতি নিশা হাতীৰ আক্ৰমণত নিহত হয় একেটা পৰিয়ালৰ তিনিজনকৈ লোক।
জহুৰা বিবি আৰু ছমিৰণ বিবি নামৰ মহিলা দুগৰাকী লগতে মমিন আলী নামৰ এজন লোকৰ মৃত্যু হয় হাতীৰ আক্ৰমণত। নিশা ভাগত অঞ্চলটোত হাতীৰ এটা বৃহৎ জাক প্ৰৱেশ কৰি অঞ্চলটোত সন্ত্ৰাস চলাই আছিল।
লগতে পঢ়ক – মাদ্ৰাছা শব্দটো নোহোৱা হ’ব লাগে; আৰ এছ এছৰ সভাত মুখ্য মন্ত্ৰীৰ মন্তব্য
ঘটনা সন্দৰ্ভত বন বিভাগক খবৰৰ দিয়াৰ পিছতো বন বিভাগৰ লোক ঘটনাস্থলী উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰে।