নিউজ ডেস্ক: ৮ জুনত মহানগৰীত সংঘটিত হৈছিল অক শোকাবহ পথ দুৰ্ঘটনা। সেই পথ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ ফাদিল কৰাৰ অভিযোগত তিনিগৰাকী অসম চৰকাৰৰ বিষয়াক নিলম্বন কৰা হৈছে। নিলম্বিত তিনিগৰাকী বিষয়াৰ ভিতৰত এগৰাকী অসম বিধানসভাৰ মাৰ্শ্বাল।

অনুমতি অবিহনে চিচিটিভিৰ ফুটেজ সংবাদ মাধ্যমৰ সৈতে শ্বেয়াৰ কৰাৰ বাবে নিলম্বন কৰা হৈছে তিনিওগৰাকী বিষয়াক। নিলম্বিত অসম বিধানসভাৰ মাৰ্শ্বালগৰাকীৰ নাম সঞ্জীৱ ৰায় বুলি জানিব পৰা গৈছে।

এই শোকাবহ পথ দুৰ্ঘটনাৰ চিচিটিভি ফুটেজ সংবাদ মাধ্যমযোগে প্ৰচাৰিত হোৱাৰ লগে লগে এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰকৃততে দোষ কাৰ তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখ্য যে ৮ জুনৰ শোকাৱহ দুৰ্ঘটনাত গুৱাহাটীৰ ৰাজধানী মছজিদ অঞ্চলত এখন স্কুল বাছে মহতিয়াই নিয়াৰ ফলত লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীয়ে থিতাতে প্ৰাণ হেৰুৱাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply