নিউজ ডেস্ক: নাগালেণ্ডত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা প্ৰকাণ্ড শিল খহি পৰাৰ ফলত থিতাতে মৃত্যু হয় ৩ জন লোকৰ।
ডিমাপুৰ–কহিমাৰ ২৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। ৰাস্তাৰে গৈ থকাৰ সময়তে ৩ খনকৈ বাহনৰ ওপৰত খহি পৰে প্ৰকাণ্ড শিল এটা। এই ঘটনাত মুঠ তিনিজন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় আন দুজন লোক।
কহিমাৰ দিশৰ পৰা আহি থকা দুখন বাহনৰ ওপৰত বাগৰি পৰে এটা প্ৰকাণ্ড শিল। উক্ত বাহন দুখনৰ সন্মুখত থকা আন এখনত বাহন আন এটা প্ৰকাণ্ড শিল বাগৰি পৰাৰ ফলত ধ্বংসপ্ৰাপ্ত হয়।
এই ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী নেইফু ৰিঅ’ই। ভুক্তভোগীৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে।