নিউজ ডেস্কঃ অমিত শ্বাহৰ ডিব্ৰুগড় ভ্ৰমণৰ পূৰ্বে ডিকমত সোমবাৰে নিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি ইমান বেয়ালৈ অৱনমিত হয় যে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰিব লগীয়া হয়।
ডিব্ৰুগড়ৰ ডিকমত এটা পথ দুৰ্ঘটনাৰ পিছতেই সোমবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আবেলি প্ৰায় ৩ মান বজাত AS 06 Z 3501 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ীখনে নাহৰতলী চাহ বাগিচাৰ সমীপত ডিকম বাইপাছত তিনি গৰাকী মহিলাক মহতিয়াই থৈ যায়। তাৰে দুগৰাকী থিতাতে মৃত্যু হয় আৰু এগৰাকীক সংকটজনক অৱস্থাত অসম চিকিঅসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পিছত ডাক্তৰে মৃত্যু হোৱা বুলি ঘোষণা কৰে।
মৃত মহিলা কেইগৰাকীৰ ক্ৰমে মীনা বেদিয়া, ৰীতা বেদিয়াস আৰু সুনীতা চুনীতা ভত্তা। দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোক সকল উতপ্ত হৈ পৰে। যাৰ বাবে তেওঁলোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে কাষতে থকা ৰেল লাইনটো অৱৰোধ কৰি প্ৰতিবাদ কৰে।
ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হয় যদিও পৰিস্থিত নিয়ন্ত্ৰণ কৰাত অক্ষম হয়। পিছত প্ৰায় ৫-৬ ঘণ্টাৰ পিছত নিশা আৰক্ষীয়ে বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয়। কিন্তু তাৰ পিছতেই আকৌ এম্বুলেন্স এখনে পুনৰ কেইজনমান লোকক মহতিয়াই নিয়ে। ইয়াৰ পিছতে পুনৰ উতপ্ত হৈ পৰে স্থানীয় লোকসকল।
তাৰ পিছত পৰিস্থিতি ইমান ভয়ংকৰ হয় যে, প্ৰতিবাদকাৰীয়ে ডিকম আৰক্ষী চকীৰ AS 06 AB 5721 নম্বৰৰ বাহনত অগ্নি সংযোগ কৰে। তাৰ পিছতেই আৰক্ষীয়ে নিয়ন্ত্ৰণলৈ আনিবলৈ শূন্য লৈ গুলী চালনা কৰিব লগীয়া হয়।
নিশা ঘটনাস্থলীত ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড় আৰক্ষী অধীক্ষক স্বেতাংগ মিশ্ৰ, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াসহ আৰক্ষী আৰু প্ৰশাসনৰ দল উপস্থিত হৈ বহু প্ৰচেষ্টাৰ ফলত পৰিস্থিতি মাজ নিশা নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হয়।
লগতে পঢ়ক – অমৃতপাল সিঙৰ ঘনিষ্ঠ পাপলপ্রীত সিঙক গ্ৰেপ্তাৰ, ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ