নিউজ ডেস্ক- আজি পুৱা তিহাৰ কাৰাগাৰৰ কাৰাবন্দীসকলৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। দিল্লীৰ ৰোহিনী আদালতৰ গুলীচালনা কাণ্ডৰ অভিযুক্ত টিল্লু তাজপুৰিয়া এই সংঘৰ্ষতে মৃত্যু হয়।
জানিব পৰা মতে, কাৰাগাৰৰ ভিতৰতে কাৰাবন্দীৰ মাজত হঠাৎ সংঘৰ্ষ সংঘটিত হয়। এই সংঘৰ্ষই স্বাভাৱিকতে আন কয়দীসকলৰ মাজত উদ্বিগ্নতাৰ সৃষ্টি কৰিছিল।
সূত্ৰ অনুসৰি যোগেশ টুণ্ডা আৰু তেওঁৰ সহযোগীসকলে হঠাতে টিল্লু তাজপুৰীয়াত আক্ৰমণ চলায়। অভিযোগ অনুসৰি তেওঁক লোহাৰ ৰডেৰে আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত ৰোহিত নামৰ আন এজন কয়দী আহত হয়।
উল্লেখ্য যে, পুৱা প্ৰায় ৭ বজাত টিল্লু তাজপুৰিয়া আৰু ৰোহিতক উদ্ধাৰ কৰি অচেতন অৱস্থাত দিল্লীৰ দীন দয়াল উপাধ্যায় হাস্পতাললৈ লৈ যোৱা হয়। চিকিৎসকে টিল্লু তাজপুৰিয়াক মৃত বুলি ঘোষণা কৰে। ৰোহিত নামৰ আনজন আহত যুৱক চিকিৎসাধীন হৈ আছে।