Lumber warehouse. Wood planks and timber stacked in stacks outdoors

চিৰাং : চিৰাং জিলা বন বিভাগৰ অভিযান। বন বিভাগৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠ। এখন কল ভৰ্তি ট্ৰাকত তালাচী চলাই বন বিভাগে জব্দ কৰে চেগুন কাঠখিনি। অভিযানকালত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন।

শুকুৰবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত চিৰাং জিলা বন বিভাগে এক অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰিবলৈ সক্ষম হয়। বন বিভাগৰ দলটোৱে বিজনীৰ গেৰুকাবাৰীত এমএইচ-১৮-বিজি-৮৫৬১ নম্বৰৰ এখন কল ভৰ্তি ট্রাকত তালাচী চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ কৰে। জব্দকৃত চেগুন কাঠখিনিৰ মূল্য ২০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক –  বজ্ৰপাত পৰি মৃত্যু হোৱা জামুগুৰিহাটৰ মঞ্জুলিকা নৰহৰ ঘৰত উপস্থিত বিধায়ক পদ্ম হাজৰিকা

বন বিভাগৰ অভিযানকালত আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজন পলায়ন কৰে। কল ভৰ্তি ট্ৰাকখন গোৱালপাৰাৰ দৰংগিৰি কলৰ বজাৰৰ পৰা কল লৈ কলকাতা অভিমুখে গৈ আছিল। বন বিভাগে কল আৰু চেগুন কাঠখিনিৰ লগতে ট্ৰাকখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply