নিউজ ডেস্ক: আজিৰে পৰা ৩ দিনীয়াকৈ তিনিচুকীয়াত অনুষ্ঠিত হৈছে পঞ্চম উপায়ুক্ত সন্মিলন। তিনিচুকীয়া বাইপাছত অৱস্থিত কনভেনচন চেণ্টাৰতে এই তৃতীয় উপায়ুক্ত সন্মিলন অনুষ্ঠিত কৰা হৈছে।

জানিব পৰা অনুসৰি, অসমৰ ৩১ খন জিলাৰ পৰা অংশগ্ৰহণ কৰিবলগীয়া উপায়ুক্তসকলক ৫ টা গোটত ভাগত কৰি দিয়া হৈছে। আজিৰ প্ৰথম দিনা কাৰ্যসূচী হিচাপে উপায়ুক্তসকলক ভাগ কৰি দিয়া ৫ টা গোটক পৃথক স্থানত পাঁচখনকৈ আলোচনা সভা অনুষ্ঠিত কৰা হৈছে।

আলোচনা সভাৰ তিনিখন ডিব্ৰুগড় জিলাত আৰু দুখন তিনিচুকীয়া জিলাত অনুষ্ঠিত কৰা হৈছে। তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী, চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু মাজুলী জিলাৰ উপায়ুক্তৰে গঠিত প্ৰথমটো গোটৰ আলোচনা সভা ডিগবৈ ক্লাবত অনুষ্ঠিত কৰা হৈছে।

নগাঁও (হোজাইৰ সৈতে), মৰিগাঁও আৰু দৰং জিলাৰে গঠিত দ্বিতীয়টো গোটৰ সভা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গেষ্ট হাউচৰ কনফাৰেন্স হলত অনুষ্ঠিত কৰা হৈছে।

তৃতীয়টো গোটৰ বৈঠকত থকা কামৰূপ, কামৰূপ(এম), নলবাৰী, বৰপেটা (বজালীৰ সৈতে), বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ চালমাৰা জিলাৰ উপায়ুক্তসকলৰ আলোচনা সভা ডিব্ৰুগড়স্থিত দুলিয়াজান অইএল কনফাৰেন্স হলত অনুষ্ঠিত কৰা হৈছে।

শোণিতপুৰ (বিশ্বনাথৰ সৈতে), লখিমপুৰ, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰ উপায়ুক্তৰে গঠিত চতুৰ্থ গোটৰ আলোচনা সভা তিনিচুকীয়াস্থিত ডিগবৈৰ চিটিএ গেষ্ট হাউচত অনুষ্ঠিত কৰা হৈছে।

ইয়াৰ লগতে, চিৰাং, কোকৰাঝাৰ, বাক্সা(তামুলপুৰৰ সৈতে), ওদালগুৰি, ডিমা হাচাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্তসকলে সৈতে গঠিত পঞ্চমটো গোটৰ আলোচনা সভা ডিব্ৰুগড়স্থিত জল সম্পদ বিভাগৰ কনফাৰেন্স হলত অনুষ্ঠিত কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰতিটো গোটৰ আলোচনা সভাত ৰাজ্যৰ এজন মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াৰ এটা দলে অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিচুকীয়া বাইপাছত অৱস্থিত কনভেনচন চেণ্টাৰত ১৬ আৰু ১৭ মে’ত তৃতীয় উপায়ুক্ত সন্মিলনত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – বোকাখাত পৌৰসভাৰ উদ্যোগত “আৱৰ্জনা পৰিবাহক বাহন”ৰ শুভাৰম্ভণি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply