নিউজ ডেস্ক: তিনিচুকীয়া জিলাৰ মাকুমত নিৰ্মাণ কাৰ্য চলি থকা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে। চিকিৎসা মহাবিদ্যালয় খনৰ পৰিদৰ্শনৰ কালত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ লগতে মন্ত্ৰী সঞ্জয় কিশানো উপস্থিত আছিল।
ইয়াৰ লগতে নতুন চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰশাসনিক ভৱন, শৈক্ষিক ভৱন, ৫৮৮ খন বিছনাযুক্ত চিকিৎসালয় আদি পৰিদৰ্শনৰ পাছতে নিৰ্মাণকাৰী প্ৰতিষ্ঠান, লোক নিৰ্মাণ (গৃহ) বিভাগৰ বিষয়া-অভিযন্তা আৰু অসম স্বাস্থ্য আন্তঃগাথঁনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতিৰ শীৰ্ষ কাৰ্যবাহীৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়৷

২০২৩-২৪ চিকিৎসা শিক্ষাবৰ্ষৰ পৰাই তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়তো এমবিবিএছ পাঠ্যক্ৰম আৰম্ভ কৰিব পৰাকৈ বিধিগত অনুমতিৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ ওচৰত আবেদন জনাবলৈ বৈঠকত ঠিৰাং কৰা হয়।
ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ আগতীয়া পৰিদৰ্শনকাৰী দলৰ আগমনৰ পূৰ্বেই যাতে প্ৰয়োজনীয় আন্তঃগাথঁনি সম্পূৰ্ণ হৈ উঠে, তাৰ বাবে নিৰ্মাণ কাৰ্য অতি ক্ষিপ্ৰতাৰে আগবঢ়াবলৈ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ লগতে লোক নিৰ্মাণ (গৃহ) বিভাগক স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে দিহা পৰামৰ্শ দিয়ে।

আজিৰ এই পৰিদৰ্শনকালত ‘অসম স্বাস্থ্য আন্তঃগাঁথনি উন্নয়ন আৰু ব্যৱস্থাপনা সমিতি’ৰ জ্যেষ্ঠ প্ৰকল্প প্ৰৱন্ধক বিশ্বদীপ দাস আৰু প্ৰকল্প প্ৰৱন্ধক এম কে পেগুৰ লগতে নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ সহকাৰী সাধাৰণ প্ৰৱন্ধক, প্ৰকল্প কাৰ্যবাহী, লোকনিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তা-সহকাৰী অভিযন্তাও উপস্থিত থাকে৷
লগতে পঢ়ক – কৰ্ণাটকৰ নিৰ্বাচন ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনৰ ৰাজনীতিৰ প্ৰেক্ষাপট সলনি কৰিব নেকি!