তিনিচুকীয়া : তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষই সন্মুখৰ পৰা নেতৃত্ব দিয়ে। তিনিচুকীয়া পৌৰ নিগমৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী সকলক উৎসাহিত আৰু সন্মান জনাবলৈ তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষই সন্মুখৰ পৰা নেতৃত্ব দিছে।
পৌৰ নিগমৰ তৃণমূল পৰ্যায়ৰ কৰ্মচাৰী সকলক উৎসাহিত আৰু সন্মান জনোৱাই লগতে পৰিষ্কাৰ পৰিচন্নতা সম্পৰ্কে কিদৰে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিব পাৰি ইয়াৰ উদাহৰণ দাঙি ধৰিছে তিনিচুকীয়া পৌৰসভাৰ অধ্যক্ষ গৰাকীয়ে। পৌৰ নিগমৰ অধ্যক্ষ জয়ন্ত বৰুৱাক মঙলবাৰে সেউজীয়া ইউনিফৰ্ম পিন্ধি তৃণমূল কৰ্মী দৰে কাম কৰা দেখিবলৈ পোৱা যায়।
তিনিচুকীয়া পৌৰ নিগমৰ তৃণমূল পৰ্যায়ৰ কৰ্মী সকলৰ প্ৰতি এক বিশেষ আত্মীয়তা আৰু সন্মান প্ৰদৰ্শন কৰি ৫৪ বছৰীয়া জয়ন্ত বৰুৱাই সেউজীয়া ইউনিফৰ্ম পিন্ধি মানুহৰ ঘৰে ঘৰে আৰু দোকানে দোকানে গৈ নিজে জাৱৰ সংগ্ৰাহ কৰে। তিনিচুকীয়া চহৰৰ ১ আৰু ৮ নম্বৰ ৱাৰ্ডৰ বিভিন্ন ঘৰ আৰু দোকানৰ পৰা ৩ ঘণ্টাৰো অধিক সময় জাবৰ-জোঁথৰ সংগ্ৰহ কৰে জয়ন্ত বৰুৱাই।
এই সন্দৰ্ভত তিনিচুকীয়া পৌৰ নিগমৰ অধ্যক্ষ জয়ন্ত বৰুৱাই ই’ষ্ট মোজোক কয় “ কোনোবা এজনে সন্মুখৰ পৰা নেতৃত্ব দিব লাগিব। শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰা কাম কৰাৰ পুৰণি পৰিচালনা নীতিয়ে আকাংক্ষিত ফলাফল দিব নোৱাৰে।” তেওঁ লগতে কয় যে ঘৰে ঘৰে গৈ জাৱৰ সংগ্ৰহ কৰাটো এটা লক্ষ্য, ই সাধাৰণ কাম নহয়।
লগতে পঢ়ক – অসমত বৰ্তমানলৈকে আফ্ৰিকান ছোৱাইন ফ্লু’ত ৪০হাজাৰ গাহৰিৰ মৃত্যু হৈছে
তিনিচুকীয়া পৌৰ নিগমৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আৰু কয় “চহৰখন পৰিষ্কাৰ কৰি ৰাখিবলৈ আৰু তৃণমূল পৰ্যায়ৰ শ্ৰমিক সকলক প্ৰেৰণা দিবলৈ চহৰৰ বাসিন্দা সকলৰ মাজত সজাগতা সৃষ্টি কৰাৰ এইয়া এটা প্ৰয়াস।” তিনিচুকীয়া চহৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সামূহিক দায়িত্ব। আমাৰ সকলোৰে ভূমিকা আছে চহৰখন পৰিষ্কাৰ কৰি ৰখাত বুলিও তেওঁ কয়।