নিউজ ডেস্কঃ টিপু চুলতানৰ অস্তাদশ শতিকাৰ তৰোৱাল লণ্ডনত আশা কৰাতকৈয়ো ৭ গুণ বেছি দামত ১৪৩ কোটি টকাত নিলাম হয়। এই বিষয়ে নিলামি কৰা অকশন হাউছ বনহেম্‌ছ অৱগত কৰিছে। তৰোৱালখন নিলাম সম্পূৰ্ণ হোৱাৰ পিছত সৰ্বকালৰ আটাইতকৈ ব্যয়বহুল নিলাম হোৱা ইছলামিক এণ্ড ইণ্ডিয়ান আৰ্ট হৈ পৰিছে।

মন কৰিবলগীয়া যে, ১৭৭৫ চনৰ পৰা ১৭৭৯ চনলৈ মাৰাঠা শক্তিৰ বিৰুদ্ধে যুঁজ দিয়া টিপু চুলতানৰ এই তৰোৱালখন তেওঁৰ শোৱনি কোঠাত উদ্ধাৰ হৈছিল। মোগল অস্ত্ৰ নিৰ্মাতাসকলে টিপুৰ তৈয়াৰ উক্ত তৰোৱাল খন জাৰ্মান ব্লেডৰে নিৰ্মাণ কৰা হৈছিল।

১৭৯৯ চনৰ ৪ মে’ত যুদ্ধত টিপু চুলতানক বিট্ৰিছে পৰাস্ত কৰে। উক্ত যুদ্ধত গ্রহণ কৰা সাহসী ভূমিকাৰ বাবে ব্ৰিটিছ মেজৰ জেনেৰেল ডেভিড বাইৰ্ডক ফুহাৰ হিচাপে দিয়া হৈছিল।

লগতে পঢ়ক – উত্তৰ প্ৰদেশৰ যোগীৰাজত প্ৰতি ১৫ দিনৰ ব্যৱধানত এটাকৈ এনকাউণ্টাৰৰ ঘটনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply