জাগীৰোড : জাগীৰোডত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত হয় এজন তিৱা ছাত্ৰ নেতা। ঘটনাক কেন্দ্ৰ কৰি জাগীৰোডত শোকৰ ছাঁ।
সোমবাৰে নিশাৰ ভাগত মৰিগাঁও জিলাৰ জাগীৰোডত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। এই পথ দুর্ঘটনাত তিৱা ছাত্ৰ সন্থাৰ জাগীৰোড আঞ্চলিকৰ সভাপতি নিহত হয়। নিহত ছাত্ৰ নেতাজনৰ নাম চানকিং মাডাৰ।
লগতে পঢ়ক – ছয়গাঁৱত “বৈজ্ঞানিক ভাৱে মৌপালন”ৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি
জাগীৰোডৰ মাৰ্কংকুছিৰ বাসিন্দা চানকিং মাডাৰ। নিশা বাইকেৰে আহি থকা অৱস্থাত ছাত্ৰ নেতাজনক অচিনাক্ত বাহন এখনে মহতিয়াই নিয়ে। ছাত্ৰ নেতাজনক চিকিৎসাললৈ প্ৰেৰণ কৰা হয় যদিও ছাত্ৰ নেতাজনৰ মৃত্যু ঘটে।