নিউজ ডেস্ক- আজি হৈছে বিশ্ব মৌমাখি দিৱস। এই দিৱস২০ মে’ তাৰিখে মৌ পালনৰ সজাগতা বৃদ্ধিৰ বাবে উদযাপন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সমূহে ২০১৭ চনত প্ৰথমবাৰলৈ ২০ মে’ তাৰিখটো বিশ্ব মৌমাখি দিৱস হিচাপে পালনৰ অনুমতি প্ৰদান কৰিছিল।
এই দিৱসৰ উদ্দেশ্য হৈছে মৌমাখিৰ লগতে অন্যান্য পৰাগৰেণু বহনকাৰী জীৱসমূহৰ সুৰক্ষাৰ ব্যৱস্থাসমূহ শক্তিশালী কৰি তোলা। যি সমগ্ৰ বিশ্বৰ খাদ্য যোগান ব্যৱস্থাৰ বিভিন্ন অসুবিধাসমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা।
উল্লেখ্য যে, বিশ্ব মৌমাখি দিৱসৰ দিনটোত অসমৰ সৰ্ববৃহৎ দুগ্ধ সমবায়, ৱেষ্ট আসাম মিল্ক প্রডিউচার্ড কোপাৰেটিভ ইউনিয়ন লিমিটেডে নিজ ব্ৰেণ্ড পূৰবীৰ অধীনত অসমৰ থলুৱা মৌ-পালক আৰু WAMULৰ দ্বাৰা প্ৰচাৰিত প্ৰথম FPO নৱ মিলন বি-কীপাৰ্ছ এণ্ড প্রডিউচাৰ্চ কোপাৰেটিভ ছ’চাইটি লিমিটেডৰ পৰা সংগৃহীত মৌ মুকলি কৰিছে।

উল্লেখ কৰাৰ প্ৰয়োজন যে, বৈজ্ঞানিক প্ৰস্তুতকৰণ যন্ত্ৰৰ সহায়ত মৌজোল প্ৰস্তুতকৰণ কৰি সঞ্চয় কৰিলে মৌজোল প্ৰায় দুবছৰলৈ কোনো নষ্ট নোহোৱাকৈ ভাল হৈ থাকে। বৈজ্ঞানিক প্ৰস্তুতকৰণ যন্ত্ৰত মৌজোলখিনিৰ উত্তাপ বঢ়াই ৬০-৭০° চেন্টিগ্ৰেডত ৩০ মিনিট সময় ৰাখি ছেকনীৰে ছেকি ঠাণ্ডা হোৱাৰ পাছত সংৰক্ষণ কৰা হয়।