নিউজ ডেস্ক : প্ৰতি মাহে মহিলাসকলৰ মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়। মাহেকীয়াৰ সময়ত মহিলাসকলে লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ প্ৰতি বছৰে ২৮ মে’ তাৰিখে ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস পালন কৰা হয়।
ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ দিনা ঋতুচক্ৰৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। এই দিনটোত ছোৱালী সমূহক ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতা সমূহৰ বিষয়ে মুকলিকৈ আলোচনা কৰিব পৰা এক সংস্কাৰ অনা আৰু এইবিষয়ে শিক্ষা দিয়া অতি গুৰুত্বপূৰ্ণ।
২০১২ চনত কেইবাটাও জনস্বাস্থ্যৰ লগত জড়িত গুৰুত্বপূৰ্ণ গোটে ঋতুস্ৰাৱৰ সময়ত লবলগীয়া সাৱধানতাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ মানুহৰ ধ্যান আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছিল। ২০১৩ চনৰ মে’মাহত ৱাছ ইউনাইটেড নামৰ সংগঠনে সামাজিক মাধ্যমত এমাহজোৰা অভিযান আৰম্ভ কৰে। তেওঁলোকে ঋতুচক্ৰৰ বিষয়ে সজাগতাৰ সৃষ্টিৰ উদেশ্য আগত ৰাখি এই অভিযান আৰম্ভ কৰিছিল।
২০১৪ চনত জাৰ্মানীৰ এক বেচৰকাৰী সংস্থা ৱাশ্ব ইউনাইটেডে পোন প্ৰথমে বিশ্বৰ মহিলা সকলৰ হিতৰ বাবে এই দিৱসৰ পাতনি মেলিছিল। ঋতুচক্ৰৰ গড় হিচাপত ২৮ দিনৰ হোৱাৰ বাবে মে’ মাহৰ ২৮ তাৰিখ বাছনি কৰা হৈছিল।