নিউজ ডেস্ক: ২০১৮ চনৰ ৮ জুন এইদিনটোতে সংঘটিত হৈছিল এক ৰাজ্য কপাই যোৱা ঘটনা। আজিৰ পৰা পাঁচবছৰ পূৰ্বে সংঘটিত হৈছিল এক লোমহৰ্ষক হত্যাকাণ্ড। অভিশপ্ত এইদিনটোতে মৰিয়াই মৰিয়াই হত্যা কৰা হৈছিল দুই অসমীয়া যুৱক নীল আৰু অভিক।
পাঁচবছৰ পূৰ্বে কাৰ্বি আংলংৰ পাহাৰীয়া সৌন্দৰ্য উপভোগ কৰিবলৈ গৈ এদল দুস্কৃতীকাৰী হাতত প্ৰাণ হেৰুৱাইছিল দুই যুৱক নীলোৎপল দাস আৰু অভিজীৎ নাথে। কিন্ত হত্যাকাণ্ডৰ ইমান বছৰৰ পাছতো এতিয়ালৈকে ন্যায় লাভ কৰা নাই পৰিয়ালে।
এই ঘটনাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল নীল আৰু অভিৰ হত্যাকাণ্ডৰ এক ভিডিঅ’। ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৪৭ জনকৈ অভিযুক্তক গ্ৰেপ্তাৰৰ পাছতে অভিযুক্তক প্ৰেৰণ কৰা হৈছিল জেল হাজোতলৈ।
বর্তমানো নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া । গোচৰটোৰ ৭১ জনকৈ সাক্ষীৰ ৭০ জনৰ সাক্ষ্য গ্রহণ ইতিমধ্যেই সম্পূৰ্ণ হৈছে । শেষৰ গৰাকী সাক্ষীৰ সাক্ষ্য গ্রহণ চলি আছে নগাঁও আদালতত । ৭১ গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পিচত অভিযুক্তৰ ভাষ্য গ্ৰহণ কৰিব আদালতে।
উল্লেখ্য যে বর্তমানো কাৰাবন্দী আটাইকেইজন অভিযুক্ত। ৰাজ্য কঁপোৱা নীলোৎপল দাস আৰু অভিজীৎ নাথৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া কেতিয়া সম্পন্ন হ’ব, সেয়া এতিয়াও নাই কোনো নিশ্চিয়তা।