নিউজ ডেস্কঃ ১৪ এপ্ৰিলত বিহুৰ বিশ্ব অভিলেখ গঢ়াৰ কথা আছিল। কিন্তু বুধবাৰে ৰাজ্যিক কেবিনেটৰ বৈঠকৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল যোগে কয় যে, সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা গীনিজ বুক অব ৰেৰ্কডৰ অনুষ্ঠান ১৪ এপ্ৰিলত নহয়, হ’ব ১৩ এপ্ৰিলত। অৰ্থাৎ আজি গীনিজ বুক অৱ ৰেকৰ্ডছৰ বাবে ১০ হাজাৰো অধিক বিহুৱা-বিহুৱতীয়ে বিহু নৃত্যত অংশগ্ৰহণ কৰিব।

১৪ এপ্ৰিলতো অনুষ্ঠিত হ’ব এই অনুষ্ঠান, পিছে ৰেৰ্কডৰ বাবে নহয়,

আজি সন্ধিয়া ৫.৩০ বজাৰ পৰা ৬.৩০ বজাৰ ভিতৰত এই ৰেৰ্কড কৰা হ’ব। ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিহুৱা-বিহুৱতীসকলক ইয়াৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে দুটা ৰেৰ্কড কৰাৰ কথা উল্লেখ কৰে য’ত বিহু নাচৰ লগতে ঢোলৰো বিশ্ব অভিলেখ গঢ়িব অসমে।

আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে,  পূৰ্বে বিহুৱা-বিহুৱতীক আগবঢ়োৱা ১০ হাজাৰ টকা মাননিৰ ওপৰঞ্চি নতুনকৈ ২৫ হাজাৰ টকা গঠনমূলক কামৰ বাবে দিয়া হ’ব ৷ এই ২৫ হাজাৰ টকা ১১,১০৪ গৰাকী ঢুলীয়া-নাচনী, মাষ্টাৰ ট্ৰেইনাৰ আৰু আন চাৰিশমান যুৱতীয়ে পাব।

মুখ্যমন্ত্ৰীয়ে কাইলৈ সকলোকে সৰুসজাইলৈ বিহু চাবলৈ আহিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে বিজ্ঞাপন বিহীনভাৱে ১৪ এপ্ৰিলৰ অনুষ্ঠান সকলো টিভিতে প্ৰচাৰ কৰা ব্যৱস্থা কৰা হৈছে বুলিও উল্লেখ কৰে।

উল্লেখযোগ্য যে, ইয়াৰ লগতে তেওঁ প্ৰকাশ কৰে ৩০ ব’হাগৰ পিছত পতা অনুষ্ঠানসমুহ বিহু বুলি নাম দি পাতিব নোৱাৰিব।

লগতে পঢ়ক – ১৪ এপ্ৰিলত অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ, প্ৰত্যক্ষ কৰিব১০০০০ ৰো অধিক বিহুৱা-বিহুৱতীৰ বিহুনৃত্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply