নিউজ ডেস্ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদ-বদল কৰা হৈছে,
কাৰ্বি আংলংৰ চিলনিৰ অসম পুলিচ (আই আৰ) বেটেলিয়ন অতিৰিক্ত অধীক্ষক হিচাপে দায়িত্বত থকা এপিএছ বিষয়া নিলোৎপল শইকীয়াক শালবাৰী, বাক্সাৰ এছ ডি পি অ’ হিচাপে দায়িত্ব দিয়া হৈছে।
ডিব্ৰুগড়ৰ টেঙাখাতৰ ঊনবিংশ এপি(আইআৰ)বিএনৰ অতিৰিক্ত অধীক্ষকৰ দায়িত্ব থকা এপিএছ অংকুৰজ্যোতি বৰাক ওমৰাংছ’, ডিমা হাছাওৰ এছ ডি পি অ’ৰ দায়িত্ব প্ৰদান।
মাকুমৰ দ্বিতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্টৰ দায়িত্ব থকা এপিএছ পাৰ্থপ্রতিম দুৱৰাক পৰ্বতঝাৰৰ এছ ডি পি অ’ৰ দায়িত্ব দায়িত্ব প্ৰদান।
তিতাবৰৰ তৃতীয় এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট এপিএছ স্মৃতিৰেখা ফুকনক বিলাসীপাৰা, ধুবুৰীৰ এছ ডি পি অ’ৰ দায়িত্ব দিয়া হৈছে ।
গোৱালপাৰাৰ প্ৰথম এপিটিএফৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত থকা এপিএছ কৰ্ণব পাটোৱাৰীক উত্তৰ শালমাৰাৰ এছ ডি পি অ’ হিচাপে দায়িত্ব প্ৰদান কৰা হৈছে।
নলবাৰীৰ চতুৰ্দশ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট হিচাপে দায়িত্বত থকা এপিএছ কাকলি পাটগিৰিক দিয়া হৈছে তিতাবৰৰ এছ ডি পি অ’ৰ দায়িত্ব প্ৰদান কৰা হৈছে।
নগাঁৱৰ বৰহমপুৰৰ নৱম এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট দায়িত্ব থকা এপিএছ হিৰেণ কুমাৰক গোসাঁইগাঁৱৰ এছ ডি পি অ’ৰ দায়িত্ব দিয়া হৈছে।
শিলচৰৰ ষষ্ঠ এপিবিএনৰ সহকাৰী কামাণ্ডেণ্ট দায়িত্ব থকা এপিএছ জনকিশোৰ গগৈক মাইবং, ডিমা হাছাওৰ এছ ডি পি অ’ৰ দায়িত্ব প্ৰদান।
লগতে পঢ়ক – পুনৰ জনতা ওপৰত মাধমাৰ, বৃদ্ধি পালে ডিজেলৰ মূল্য