উত্তৰ কোৰিয়াৰ এগৰাকী শীৰ্ষ সামৰিক বিষয়াক বৰ্খাস্ত কৰিছে একনায়ক নেতা কিম জং-উনে। আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। সামৰিক বিষয়াগৰাকী দেশখনৰ সামৰিক বাহিনীৰ শীৰ্ষ ২ নম্বৰ স্থানত কাৰ্যনিৰ্বাহ কৰিছিল।
দেশৰ ৰাজ্যিক সংবাদ মাধ্যমৰ উদ্ধৃতি দি প্ৰকাশ কৰা এই বাতৰি অনুসৰি উত্তৰ কোৰিয়াৰ কেন্দ্ৰীয় সামৰিক আয়োগৰ উপাধ্যক্ষ পাক জং-চোনক অব্যাহতি দিয়া হৈছে। তেওঁৰ ঠাইত ৰি ইয়ং গিলক দায়িত্ব দিয়া হৈছে।
শাসনাধিষ্ঠিত ৱৰ্কৰ্ছ পাৰ্টিৰ এখন বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কোৰিয়াৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম কেচিএনএয়ে দেওবাৰে এই বিষয়ে বাতৰি প্ৰকাশ কৰিছিল।
অৱশ্যে, কি কাৰণত শীৰ্ষ বিষয়াজনক তেওঁৰ পদৰ পৰা আঁতৰাই দিয়া হৈছে সেই বিষয়ে উত্তৰ কোৰিয়াই আৰু কোনো তথ্য প্ৰদান কৰা নাই।
বিশেষজ্ঞসকলৰ মতে নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ বাবে পাকক তেওঁৰ পদৰ পৰা আঁতৰোৱা হৈছে।