নিউজ ডেস্ক- মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰাপত্তাৰ দায়িত্বত থকা তিনিগৰাকী আৰক্ষী অধীক্ষকক তাৎক্ষণিকভাৱে বদলি কৰা হয়। নিৰাপত্তাত গাফিলতি কৰাৰ অভিযোগত তিনিগৰাকী এ পি এছ বিষয়াক বদলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে গৃহ বিভাগে।

জানিব পৰা মতে, ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী অধীক্ষক উৎপল বায়ন, গুণেন্দ্ৰ ডেকা আৰু সুমন চক্ৰৱৰ্তীক বদলি কৰে।

উল্লেখ্য যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিৰ সৈতে সংগতি ৰাখি কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। অনুষ্ঠানটোত ব্যক্তিগত খণ্ডৰ দহটা কোম্পানীয়ে ৮২০০ কোটি টকা বিনিয়োগৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল। এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়তে মুখ্যমন্ত্রীগৰাকীৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াৰ দায়িত্বজ্ঞানহীনতাৰ বাবে বহুসংখ্যক লোকে মুখ্যমন্ত্ৰীৰ একেবাৰে কাষ পাইছিল। নিৰাপত্তাজনিত এই গাফিলতিক লৈ মুখ্যমন্ত্ৰীগৰাকী অসন্তুষ্ট হৈ পৰে। ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই তাৎক্ষণিকভাৱে এটা নির্দেশনা যোগে কৰ্তব্যৰত তিনিওজন আৰক্ষী অধীক্ষককে বদলি কৰে।

তথ্য অনুসৰি, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাত থকা আৰক্ষী অধীক্ষক গুণেন্দ্ৰ ডেকাক দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক হিচাপে বদলি কৰে। উৎপল বায়নক কাহিলীপাৰাৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হয়। আৰু সুমন চক্ৰৱৰ্তীক অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক হিচাপে বদলি কৰা হয়।

লগতে, অসম আৰক্ষীৰ বিশেষ শাখাৰ আৰক্ষী অধীক্ষক মন্টু ঠাকুৰীয়া, অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ সহকাৰী মহাপৰিদৰ্শক জয়ন্ত সাৰথি বৰা আৰু দেৰগাঁৱৰ একাদশ অসম আৰক্ষী বাহিনীৰ অধিনায়ক টাবু ৰাম পেগুক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply