নিউজ ডেস্কঃ ছিপাঝাৰৰ বৰদৌলগুৰিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।
এখন মালবাহী ট্ৰাকৰ খুন্দাত থিতাতে নিহত বৰদৌলগুৰিৰ ককাইতোলাৰ উজ্জ্বল নাথ নামৰ যুৱক জন।
মঙলদৈৰ পৰা বন্ধুৰ সৈতে ঘৰলৈ যোৱাৰ সময়তে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
জানিব পৰা অনুসৰি, সদ্যঘোষিত তৃতীয় বৰ্গৰ চাকৰিত উত্তীৰ্ণ হৈছিল যুৱকজন।
বৃহস্পতিবাৰে উজ্জ্বল নাথে খানাপাৰত নিযুক্তি বিতৰণ অনুষ্ঠানটো অংশ লৈছিল।
ঘটনাটোৰ পিছতেই অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। স্থানীয় ৰাইজে ঘাইপথটো অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে।
লগতে পঢ়ক – অতুল বৰাৰ সভাপতিত্বত অগপৰ মুখ্য কাৰ্য্যালয়ত বিষয়ববীয়া সভা আয়োজন