মধ্যপ্ৰদেশৰ ইন্দোৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। মধ্য প্ৰদেশৰ ইন্দোৰৰ চিমৰোল আৰক্ষী থানা এলেকাত সংঘটিত হয় এই ঘটনাটো।

ইন্দোৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰৰ কাণ্ডই আতংকৰ সৃষ্টি কৰিছে। প্ৰাক্তন ছাত্ৰজনে মহাবিদ্যালয়ৰ মহিলা অধ্যক্ষগৰাকীৰ গাত পেট্ৰ’ল ঢালি তেওঁক জীৱন্তে জ্বলাই দিয়ে।

জানিব পৰা মতে, বিমুক্তা শৰ্মা ইন্দোৰৰ বিএম কলেজ অফ ফাৰ্মাচীৰ অধ্যক্ষ। কেইদিনমানৰ আগতে অধ্যক্ষগৰাকী আৰু ছাত্ৰজনৰ মাজত কোনো বিষয়ত বিবাদৰ সূত্ৰপাত হৈছিল। সোমবাৰে দুয়োৰে মাজত বাক-বিতণ্ডা হৈছিল। কলেজ শেষ কৰাৰ পিছত তেওঁ গাড়ীত  ঘৰলৈ গৈ আছিল। ছাত্ৰজনে তেতিয়া তেওঁক আক্ৰমণ কৰে আৰু বটলৰ পৰা পেট্ৰ’ল ছটিয়াই দি তেওঁৰ গাত জুই লগাই দিয়ে। গাড়ী আৰু পেট্ৰ’লৰ বাবে জুই দ্ৰুতগতিত জ্বলি উঠে।

আনহাতে, উপস্থিত থকা লোকসকলে জুই নুমুৱাবলৈ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু পলম হয় আৰু অধ্যক্ষৰ শৰীৰৰ ৮০ শতাংশতকৈও অধিক জ্বলি গৈছিল। তেওঁক লগে লগে  সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়ৰ মতে, মহিলাগৰাকীৰ ৮০ শতাংশ শৰীৰ জুইত দগ্ধ হৈছে। মহিলা অধ্যক্ষগৰাকী অৱস্থা অত্যন্ত সংকটজনক আছিল। বৰ্তমান তেওঁ কথা কব পৰা অৱস্থাত নাই।  

ইন্দোৰৰ আৰক্ষী অধীক্ষক ভাগৱত সিং বাৰ্ডে কয় যে, ৫৪ বছৰীয়া চিমৰোল অঞ্চলৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ অধ্যক্ষ বিমুক্তা শৰ্মাৰ গাত ২৪ বছৰীয়া এ কে শ্ৰীবাস্তৱে পেট্ৰ’ল ঢালি দিয়ে। তাৰ পিছত তেওঁৰ শৰীৰত জুই লগাই দিয়ে।

শ্ৰীবাস্তৱে দাবী কৰিছে যে তেওঁ মহাবিদ্যালয়ত বি.ফাৰ্মা অধ্যয়ন কৰিছিল আৰু যোৱা বছৰ জুলাইত তেওঁৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল যদিও তেওঁৰ মাৰ্কশ্বীট এতিয়ালৈ  দিয়া হোৱা নাছিল। আনহাতে মহাবিদ্যালয় কৰ্তৃপক্ষৰ মতে, শ্ৰীবাস্তৱে মাৰ্কশ্বীট এতিয়ালৈকে তেওঁলোকৰ ওচৰত আহি পোৱা নাই।

ইতিমধ্যে, মহাবিদ্যালয়ৰ আন আন ছাত্ৰ-ছাত্ৰীৰ সহায়ত শ্ৰীবাস্তৱক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  শ্ৰীবাস্তৱ চুবুৰীয়া উজ্জয়িনী জিলাৰ বাসিন্দা আছিল। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে। আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply