নিউজ ডেস্ক: নতুন অসমীয়া ছবি দ্যা কনছিকুৱেন্স ৰ অফিচিয়েল ট্ৰেইলাৰ লগতে পোষ্টাৰ শুক্ৰবাৰে মুকলি কৰা হয়। এ এম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবিখনৰ ট্ৰেইলাৰ আৰু পোষ্টাৰ গুৱাহাটী প্ৰেছ ক্লাবত মুকলি কৰে।
শিশুৰ ওপৰত পৰা প্ৰযুক্তিৰ বিৰূপ প্ৰভাৱ বিষয়ক কাহিনীৰে নির্মিত ‘দা কনছিকুৱেন্স’ ছবিখনত অভিনয় কৰিছে শবনম গয়াৰী, ৰণী বৰুৱা, বিপুল বৰা, দেৱযানী নাথ, শিৱপ্ৰসাদ নাথকে ধৰি বহু ন-পুৰণি শিল্পীয়ে।
২৬ মে’ত ৰাজ্যৰ ছবিগৃহত মুক্তি দিবলগীয়া ছবিখনৰ কাহিনী-চিত্ৰনাট্য-পৰিচালনা কৰিছে চন্দ্ৰশেখৰ দাসে। ইফালে, ছবিখনৰ গীতত কণ্ঠদান কৰিছে শংকুৰাজ কোঁৱৰে আৰু গীতৰ কথা ৰাজদীপৰ। অনিৰুদ্ধ বৰৱাই চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছে।
উক্ত অনুষ্ঠানটোত উপস্থিত থকা এ এম টেলিভিছনৰ অধ্যক্ষ ডাঃ অক্ষতা নাৰায়ণে ছবিখনে ইতিমধ্যই ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় কেইবাখনো চলচ্চিত্র মহোৎসৱত উচ্চ প্রশংসিত লাভ কৰাৰ বিষয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – ISSF শ্বুটিং বিশ্বকাপত অসমৰ হৃদয় হাজৰিকাৰ ৰূপৰ পদক অৰ্জন