নিউজ ডেস্কঃ এক ভয়াবহ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে উৰিষ্যত। শুক্ৰবাৰে সন্ধিয়া উৰিষ্যাৰ বালাচোৰত এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছত কোৰোমণ্ডেল এক্সপ্ৰেছ লাইনচ্যুত হয়। সংবাদ সংস্থা পিটিআইয়ে জনাইছে যে, দুৰ্ঘটনাটোত ৫০ জন লোক নিহত হৈছে (বাতৰিটো প্ৰকাশ কৰা লৈকে)। লগতে, ৩৫০ ৰো অধিক যাত্ৰী আহত হৈছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাগ্ৰস্থ ৰেলখনৰ আঠটা ডবা লাইনচ্যুত হৈ ওলোটাই পৰে যাৰ বাবে যাত্ৰী উদ্ধাৰ অভিযান কিছু বাধাৰ সন্মুখীন হ’বলগীয়া হৈছে উদ্ধাৰকাৰী দল।

আহত যাত্ৰীসকলক বাহানগৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বালাচোৰ আৰু আন কাষৰীয়া জিলাৰ পৰাও সহায়ৰ বাবে চিকিৎসা দল প্ৰেৰণ কৰা হৈছে। প্ৰশাসনে দুৰ্ঘটনাটোৰ সন্দৰ্ভত জৰুৰীকালীন নিয়ন্ত্ৰণ কক্ষৰ ৬৭৮২২৬২২৮৬ নম্বৰ জাৰি কৰিছে। এই পথত ছয়খন ৰেল চলাচলত বৰ্তমান বাতিল কৰা হৈছে। কিছুমান ৰেলৰ পথ সলনি কৰা হৈছে।

উক্ত দুৰ্ঘটনাটোৰ পিছতেই ঘটনাস্থলীলৈ ৰাওনা হৈছে ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱ। প্ৰধানমন্ত্ৰী মোদী, ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মু, গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাজ্য খনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে শোকপ্ৰকাশ কৰিছে।

ইয়াৰ সমান্তৰালকৈ ৰেল মন্ত্ৰীয়ে নিহতৰ পৰিয়াললৈ ১০ লাখ টকা, গুৰুতৰ ভাৱে আহতলৈ ২ লাখ টকা, সামান্য আঘাতপ্ৰাপ্তলৈ ৫০ হাজাৰ টকাৰ সাহায্য ঘোষণা কৰিছে।

জানিব পৰা অনুসৰি, বৰ্তমানেও বহু যাত্ৰী ধ্বংসপ্ৰাপ্ত ডবাৰ ভিতৰতে আবদ্ধ হৈ আছে। যাৰবাবে বৰ্তমান ক্ষিপ্ৰ গতিত উদ্ধাৰ অভিযান অব্যাহত আছে।

আনহাতে, বালাচোৰত দ্বিতীয়খন ৰেল দুৰ্ঘটনাও সংঘটিত হৈছে। ইয়াত বেংগালুৰু হাওৰা চুপাৰফাষ্টৰ কিছু ডবা লাইনচ্যুত হয়। পিছে এই দুৰ্ঘটনাটোত কোনো আহত বিষয়ে কোনো তথ্য নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply