নিউজ ডেস্ক: পুনৰ উৰিষ্যাত সংঘটিত হয় এক ভয়াবহ ৰে’ল দুৰ্ঘটনা। বিগত এসপ্তাহত উৰিষ্যাত সংঘটিত হৈছে চাৰিটাকৈ ৰে’ল দুৰ্ঘটনা। যোৱা ২ জুনত সংঘটিত হোৱা বালাছোৰ ৰে’ল দুৰ্ঘটনাৰ পিচত ৫, ৭ আৰু ৮ জুনত তিনিটাকৈ ৰে’ল দুৰ্ঘটনা সংঘটিত হৈছে।
৮ জুনৰ নিশা পুনৰ উৰিষ্যাৰ খৰিয়াৰ ৰোড ষ্টেচনৰ সমীপত দুৰ্গ-পুৰী এক্সপ্ৰেছ ৰে’লত সংঘটিত হয় অগ্নিকাণ্ডৰ। জানিব পৰা মতে, ৰে’লখনৰ B3 AC দবাৰ ব্ৰেক পেডৰ ওচৰত জুইৰ সূত্ৰপাত ঘটে। অৱশ্যে এই জুয়ে দবাটোৰ কোনো ক্ষতিসাধন কৰা নাই। ৰে’ল বিভাগৰ লোকে তাৎক্ষণিকভাৱে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়াত ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে ৰে’লখন।
উল্লেখ্য যে, এয়া উৰিষ্যাত সংঘটিত চতুৰ্থটো ৰে’ল দুৰ্ঘটনা। বিগত ২ জুনত ক’ৰ’মণ্ডল এক্সপ্ৰেছ লাইনচ্যুত হোৱা ঘটনাত অতি কমেও ২৭৫ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে সহস্ৰাধিকলোক আহত হয়।