নিউজ ডেস্ক- বৰ্তমানেও শান্ত হোৱা নাই মণিপুৰৰ সামগ্ৰিক পৰিৱেশ। হিংসাৰ জুইয়ে দহিছে মণিপুৰক। হিংসাপীড়িত মণিপুৰৰ অৱনতি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই বাতিল কৰিছে মণিপুৰ অভিমুখী ৪খন ৰে’ল।

জানিব পৰা মতে, মণিপুৰৰ বিভিন্ন ৰে’ল ষ্টেচন লৈ যোৱা এই ৪খন ৰে’ল ক্ৰমে ১২০৯৭ AGTL-KGBP জনশতাব্দী ৰে’ল, ১২০৯৮ ARCL KGBP, ০৫৬৫৯ SCL যাত্ৰীবাহী ৰে’ল আৰু ০৫৬৬০ VNGP SCL যাত্রীবাহী ৰে’ল। উত্তৰ-পূব ৰে’ল কৰ্তৃপক্ষই বৰ্তমান এই ৰে’লসমূহ অসমতে ৰখোৱাৰ বাবে নিৰ্দেশ জাৰি কৰিছে।

আনহাতে, উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া সব্যসাচী দে’এ জনায় যে পৰিস্থিতি উন্নত নোহোৱালৈকে মণিপুৰত কোনো ৰে’ল প্ৰৱেশ নকৰে। প্ৰথমে মণিপুৰ চৰকাৰে ৰে’ল চলাচল বন্ধ কৰিছিল তাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই এই সেৱা বাতিল কৰে।

তথ্য অনুসৰি, ভাৰতীয় ৰে’লৱেই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টিৰ পাছতে প্ৰথম অৱস্থাত ৫ মে’ আৰু ৬ মে’ বাবে এই ৪খন ৰে’ল চলাচল বাতিল কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply