নিউজ ডেস্ক: আজি যান-বাহানৰ কৰ আদায় দিয়াৰ অন্তিম দিন । সময়মতে কৰ পৰিশোধ নকৰা যান-বাহনৰ ক্ষেত্ৰত কঠোৰ হৈ পৰিছে পৰিবহন বিভাগ । পৰিবহণ বিভাগে বান্ধি দিয়া এই সময়সীমাৰ ভিতৰত কৰ পৰিশোধ নকৰা যান-বাহনৰ বিৰুদ্ধে আজিৰে পৰা অভিযান আৰম্ভ কৰিব ।
জানিব পৰামতে অহা ১ জুলাইৰ পৰা বিভাগে ৰাজ্যৰ প্ৰান্তে প্রান্তে কৰ আদায় নিদিয়া বাহনসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ৰাজপথত তালাচীৰ জৰিয়তে বিভাগৰ অধীনত কৰ অনাদায় হৈ থকা বাহনসমূহৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে তেনে বাহন জব্দ কৰাও হ’ব পাৰে বুলি সুত্ৰই প্ৰকাশ কৰিছে।
উল্লেখ্য যে বাণিজ্যিক কৰৰ লগতে পঞ্জীয়ন কৰ, ফিটনেচ প্রমাণ-পত্র, ড্রাইভিং লাইচেঞ্চ, বীমাৰ প্ৰমাণ-পত্ৰ, প্ৰদূষণৰ প্ৰমাণ পত্ৰ আদি বিভিন্ন নথিপত্র নথকা বাহনৰ বিৰুদ্ধেও পৰিবহণ বিভাগ কঠোৰ হ’ব। সমান্তৰালভাৱে মদ্যপান কৰি গাড়ী চলোৱা, ভুল দিশেৰে গাড়ী চলোৱা আদি ক্ষেত্ৰতো পৰিবহণ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব।