গুৱাহাটী : মহানগৰী গুৱাহাটীত আছে এখন ব্যতিক্ৰম চৰকাৰী বিদ্যালয়। এই চৰকাৰী বিদ্যালয়খনৰ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰোপণ কৰিব লাগে এজোপাকৈ গছ পুলি। কেৱল গছ পুলি ৰোপণ কৰাই নহয় গছ পুলি জোপাক লালন পালন কৰি বৃক্ষ হিচাপে গঢ়ি তোলেৰো দায়িত্ব থকা গছ পুলি জোপা ৰোপণ কৰা শিক্ষাৰ্থী গৰাকীৰ কান্ধত।
এই ব্যতিক্ৰম চৰকাৰী বিদ্যালয়খন আছে অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিলৰ কাষত। চকৰ্দো দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী নামৰ বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এজোপাকৈ গছ পুলি ৰোপণ কৰাটো বাধ্যতামূলক। গছ পুলি ৰোপণ কৰাৰ পিছত গছ পুলি জোপা সংৰক্ষণ কৰাৰ সম্পূৰ্ণ দায়িত্ব থাকে ছাত্ৰ-ছাত্ৰীৰ কান্ধত।
বিদ্যালয়খনে গ্ৰহণ কৰা এই ব্যতিক্ৰম পদক্ষেপ সম্পৰ্কে জানিবলৈ দি বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বিমল মেদিয়ে কয় “ডব্লিউ ডব্লিউ এফৰ সহযোগত ২০১৪-১৫ বৰ্ষত এই বিদ্যালয়খনৰ চৌহদত প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ নামত গছ পুলি ৰোপণ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল। ২০১৪-১৫ ত ৰোপণ কৰা কৰা গছ পুলি সমূহ এতিয়া বৃক্ষৰ ৰূপ ধাৰণ কৰিছে। ৭০ শতাংশ গছ পুলি এতিয়া বৃক্ষৰ ৰূপ ধাৰণ কৰিছে”।
সেউজীয়া গছ গছনিৰ মাজত অৱস্থিত বিদ্যালয়খনৰ চৌহদত বর্তমান বৰ্তমান গছ পুলি ৰোপণ কৰাৰ ঠাই নাই বাবে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকল দীপৰ বিলৰ পাৰত আৰু গড়ভঙা পাহাৰত গছ পুলি ৰোপণ কৰে। ছাত্ৰ-ছাত্ৰী সকলে ৰোপণ কৰা গছ পুলি সমূহ ছাত্ৰ-ছাত্ৰী সকলৰ নামত নামাকৰণ কৰা হয়।
লগতে পঢ়ক – Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?
বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলক পৰিৱেশ সংৰক্ষণ বাবে সজাগ কৰি তোলাৰ বাবে বিদ্যালয়খনত বিভিন্ন সময়ত বিশেষ ক্লাছৰ ব্যৱস্থা কৰা হয়। গছ পুলি ৰোপণ কৰি পৰুৱেশ সংৰক্ষণ আৰু দীপৰ বিল প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবেও বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্র-ছাত্রী বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়।