‘কোনোবাই যদি ভাবিছে
বন্দুক বায়োনেট বা
শাৰীৰিক অত্যাচাৰৰ ভয়ত
আমি কলম নমাই থ’ম,
তেনেহ’লে তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে”
~পৰাগ কুমাৰ দাস
সাংবাদিক পৰাগ কুমাৰ দাসৰ আজি ২৮ তম মৃত্যু বাৰ্ষিকী। ১৯৯৬ চনৰ ১৭ মে’ত গুৱাহাটীৰ ৰাজগড়ত দুৰ্বৃত্বৰ গুলীত নিহত হৈছিল সাংবাদিক পৰাগ কুমাৰ দাস।
‘বুধবাৰ’ সাপ্তাহিক কাকতখনৰ জৰিয়তে অসমৰ সাংবাদিকতাত জাতীয়তাবাদৰ নতুন দৃষ্টিভংগীৰ উন্মেষ ঘটোৱা প্ৰয়াত সাংবাদিকগৰাকীয়ে পৰৱৰ্তী সময়ত অসমীয়া প্ৰতিদিন কাকতৰ কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
উল্লেখ্য যে ১৯৯৬ চনৰ ১৭ মে’ত সেইসময়ৰ ৰাজগড়স্থিত জাতীয় বিদ্যালয়ৰ পৰা তেওঁৰ পুত্ৰ ৰোহনক আনিবলৈ যাওঁতে দুৰ্বৃত্বৰ ১৩ জাঁই গুলীয়ে থকাসৰকা কৰিছিল সাংবাদিক পৰাগ কুমাৰ দাসক। শূন্য দূৰত্বৰ পৰা চাৰিজনীয়া দুৰ্বৃত্বৰ দলটোৱে গুলীয়াই নিহত কৰিছিল পৰাগ কুমাৰ দাসক।
দিল্লী স্কুল অৱ ইক’নমিকছৰ এসময়ৰ মেধাৱী ছাত্ৰ পৰাগ কুমাৰ দাসে গুৱাহাটী ষ্টক এক্সচেঞ্জৰ চাকৰি বাদ দি স্বতন্ত্ৰ সাংবাদিকতা আৰু মানৱ অধিকাৰ সংগ্ৰামৰ কৰ্মীৰূপে কাম কৰিছিল। মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উত্তৰ পূৱ মানৱ অধিকাৰ সমন্বয়ৰক্ষী সমিতি, বাক স্বাধীনতা সংগ্ৰাম সমিতি আৰু গণতান্ত্ৰিক সংগ্ৰাম সমিতিৰ নেতা হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
সেই সময়ত আলফাৰ ওপৰত ৰাষ্ট্ৰই নমাই অনা দমনমূলক কাৰ্যৰ তেওঁ তীব্ৰ বিৰোধিতা কৰিছিল। নিৰীহ মানুহৰ অধিকাৰৰ হকে যুঁজাৰ লগতে সেনাৰ দ্বাৰা ধৰ্ষিতাসকলৰ ন্যায় প্ৰাপ্তিৰ বাবেও সংগ্ৰাম কৰিছিল।
পৰাগ কুমাৰ দাসে আলফাৰ সাৰ্বভৌম স্বাধীন অসম সমৰ্থন নকিৰেলও কেন্দ্ৰৰ পৰা অসমৰ অৰ্থনৈতিক স্বাধীনতাৰ দাবী কৰিছিল। বিশেষতঃ অসমৰ সম্পদৰ ওপৰত অসমৰ অধিকাৰ দাবী তুলিছিল। তেওঁ বহুবাৰ ৰাষ্ট্ৰ ৰোষত পৰিবলগীয়া হৈছিল। ১৯৯২ আৰু ১৯৯৩ চনত পৰাগ কুমাৰ দাসক ৰাষ্ট্ৰীয় নিৰাপত্তা আইন আৰু টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰি চৰকাৰে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।
তেওঁৰ তীক্ষ্ণ কলমেৰে ৰচিত হৈছিল ক্ৰমে ছাংলট ফেনলা, স্বাধীনতাৰ প্ৰস্তাৱ, নিষিদ্ধ কলম আৰু অন্যান্য, আমি যি কথা কৈছিলো, ৰাষ্ট্ৰদ্ৰোহীৰ দিনলিপি, মোক স্বাধীনতা লাগে, স্বাধীন অসমৰ অৰ্থনীতি আদি। তেওঁৰ ‘স্বাধীনতাৰ প্ৰস্তাৱ’ শীৰ্ষক গ্ৰন্থখন চৰকাৰে নিষিদ্ধ ঘোষণা কৰিছিল।