মানকাচৰ : হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ২৯ খন ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি। দেশ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি পালন কৰি অহা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰঙ্গা আঁচনিৰ অধীনত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ গাঁও পঞ্চায়তত এটা ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়।
উল্লেখযোগ্য যে অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰৱন্ধ গোট কাৰ্যালয়ৰ অধীনত জিলাখনৰ সুখচৰ গাঁও পঞ্চায়তত এটা ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হয়। এই ত্ৰিৰঙ্গা বিক্ৰী কেন্দ্ৰ মুকলি অনুষ্ঠানত ফেকামৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতা, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ হাটশিঙিমাৰী গোটৰ প্ৰবন্ধক ছায়েদ মুফতি আলম উপস্থিত থাকে।
লগতে পঢ়ক – বৰপুত্ৰৰ মৃত্যু হোৱাত বিধৱা বোৱাৰীক সৰু পুত্ৰৰ সৈতে বিয়া পাতি দিলে শাহুৱে
জিলাখনত মুঠ ৪২ খন গাঁও পঞ্চায়তৰ ভিতৰত ২৯ টা বিক্ৰী কেন্দ্ৰ মুকলি কৰা হৈছে। জিলাখনত মুঠ ১ লাখ পৰিয়ালৰ ঘৰত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্রীয় জাতীয় পতাকা উত্তোলন কৰাৰ বাবে প্ৰস্তুতি লোৱা পৰিলক্ষিত হৈছে। এতিয়ালৈকে জিলাখনত আত্ম সহায়ক গোট সমূহে মুঠ ২৪ হেজাৰ ৰাষ্ট্রীয় পতাকা সুলভ মূল্যত বিক্ৰী কৰিছে হৈছে বুলি জিলা প্ৰকল্প প্ৰবন্ধক ছায়েদ মুফতি আলমে জানিবলৈ দিয়ে।