আগৰতলা : ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে বিপ্লৱ কুমাৰ দেৱে। ইতিমধ্যে ত্ৰিপুৰাৰ ৰাজ্যপাললৈ নিজৰ পদত্যাগ পত্ৰ দাখিল কৰিছে বিপ্লৱ কুমাৰ দেৱে।
ত্ৰিপুৰাৰ ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ পদৰ পৰা নিজৰ পদত্যাগ সম্পৰ্কে জানিবলৈ দিয়ে বিপ্লৱ কুমাৰ দেৱে। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিছিল বিপ্লৱ কুমাৰ দেৱে।
লগতে পঢ়ক – দেওবৰীয়া ৰেপিড দবা প্ৰতিযোগিতা ত্ৰয়োদশ সংস্কৰণ
বিপ্লৱ কুমাৰ দেৱৰ পদত্যাগ সন্দৰ্ভত বৰ্তমানলৈকে দলৰ ফালৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। ২০১৮ চনত প্ৰথমবাৰৰ বাবে ত্ৰিপুৰাত বিজেপিৰ চৰকাৰ গঠন হৈছিল।