গুৱাহাটী : বিগত কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যত বছৰৰ দ্বিতীয়টো বানৰ সৃষ্টি হৈছে। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বাঢ়নী পানীৰ তলত। বানপানীৰ লগতে পতিস্থিতি অধিক জটিল কৰি তুলিছে ভূমিস্খলনে। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যত বিভিন্ন প্ৰান্তত সংঘটিত হৈছে কেইবাটাও ভয়াবহ ভূমিস্খলনৰ ঘটনা।

গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলত সমূহত ভূমিস্খলনৰ ঘটনাত ইতিমধ্যে প্ৰাণ হেৰুৱাইছে কেইবাজনো লোকে। ইয়াৰ মাজতে গোৱালপাৰা জিলাত বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰাস্তাৰ দেৱাল খহি এজন লোকৰ ঘৰৰ ওপৰত পৰাত দুটিকৈ শিশুৰ মৃত্যু হৈছে। বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনে বিধ্বস্ত কৰা পাহাৰীয়া জিলা ডিমা হাছাও জিলা পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা।

লগতে পঢ়ক – লখিমপুৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অবৈতনিক কৰ্মচাৰীৰ প্ৰতিবাদ

অসম-মেঘালয় সীমান্তৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা দেখিবলৈ পোৱা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ ভূমিস্খলনত এখন ট্ৰাক আৰু আন এখন বাহন তলত পৰি যোৱা দেখিবলৈ পোৱা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলত বহু ঠাইত ভুমিস্খলন হোৱা দেখিবলৈ পোৱা গৈছে। নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথ ৰ ফাট মেলি ট্ৰাক আৰু আন এখন বাহন সুমাই পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply