গুৱাহাটী : যোগাযোগ নম্বৰৰ সত্যতা প্ৰমাণ কৰাৰ লগতে অবাঞ্ছিত যোগাযোগ অৱৰোধ কৰা আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় প্লেটফৰ্ম ট্ৰুকলাৰ আৰু সামাজিক সংগঠন চাইবাৰপীচ ফাউণ্ডেশ্যনে অসম আৰক্ষীৰ সহযোগত মুকলি কৰিছে দেশজোৰা প্ৰচাৰ অভিযান #TrueCyberSafe। ইণ্টাৰনেট সুৰক্ষাৰ দিশত গুৰুত্ব আৰোপ কৰি এনে এক কাৰ্যসূচী উত্তৰ পূৰ্বাঞ্চলৰ পৰা পোন প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হৈছে। 

এই পদক্ষেপৰ উদ্দেশ্য হৈছে এক অধিক নিৰাপদ অনলাইন বিচক্ষণতাৰ দিশত আগবাঢ়ি চাইবাৰ প্ৰবঞ্চনাৰ প্ৰতি সমাজত সজাগতা সৃষ্টি কৰাৰ লগতে সেইবোৰৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰা। বিভিন্ন ধৰণৰ ঠগ-প্ৰবঞ্চনা, ভুৱা বাৰ্তা আৰু কেলেংকাৰীৰপৰা দূৰত থাকিবৰ বাবে ব্যৱহাৰকাৰীসকলে ল’ব পৰা কেতবোৰ পদক্ষেপৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰিবৰ বাবে অসমৰ পৰা আৰম্ভ কৰা এই সুৰক্ষা প্ৰশিক্ষণ সমগ্ৰ ভাৰতৰ পাঁচখন ৰাজ্যত অনুষ্ঠিত কৰা হ’ব।

এই অনুষ্ঠানত গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমীত সিং আৰু অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ মুখ্য সচিব অনুৰাগ গোৱেল চাইবাৰপীচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষ মেজৰ বিনীত কুমাৰ আৰু ইণ্ডিয়া ট্ৰুকলাৰৰ গণ পৰিক্ৰমা সঞ্চালক প্ৰজ্ঞা মিশ্ৰ মেহঋষিও উপস্থিত থাকে। অনুষ্ঠানত সাম্প্ৰতিক চাইবাৰক্ৰাইম বা ইণ্টাৰনেটৰ জৰিয়তে কৰা অপৰাধবোৰৰ লগতে চাইবাৰছেফ হৈ থাকিবলৈ বা ইণ্টাৰনেটত নিৰাপদে থাকিবলৈ আমাৰ দৈনন্দিন জীৱনত সন্নিৱিষ্ট কৰিব পৰা সুৰক্ষামূলক ব্যৱস্থাসমূহৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয়।

এই অনুষ্ঠানত বিভিন্ন চৰকাৰী বিষয়া-কৰ্মচাৰীৰ লগতে বিভিন্ন বিশ্ববিদ্যালয়ৰপৰা অহা শিক্ষাৰ্থী তথা শিক্ষকবৃন্দ, যুৱ উদ্যোগী আৰু বিভিন্ন বেংক বিষয়াও উপস্থিত থাকে। অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ লগতে মেঘালয় আৰু অৰুণাচল প্ৰদেশ আৰক্ষীয়েও ইয়াত সহযোগিতা আগবঢ়ায়। অসম চৰকাৰৰ তথ্য প্ৰযুক্তি বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে কয় যে ক’ভিড ১৯ মহামাৰীয়ে চাইবাৰস্পেচৰ দুৰ্বলতা বহুখিনি উদঙাই দিছে। এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি, যোৱা সময়ছোৱাত অসম চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে, তাৰ ভিতৰত আছে এটা এমহীয়া চাইবাৰ সজাগতা প্ৰচাৰ অভিযান। এই ক্ষেত্ৰত সজাগতা বৃদ্ধি কৰিবৰ বাবে ট্ৰুকলাৰে লোৱা ভূমিকা প্ৰশংসনীয়।
 
গুৱাহাটীৰ আৰক্ষী আয়ুক্ত হৰমিত সিঙে তেখেতৰ ভাষণত কয় যে প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত হোৱা দ্ৰুত আৱিষ্কাৰসমূহৰ লগে লগে চাইবাৰ ভাবুকি আৰু অনলাইন আতিশয্যৰ ঘটনাও বৃদ্ধি পাইছে। ভাৰতবৰ্ষত ২০১৮ আৰু ২০২১ চনৰ মাজৰ সময়খিনিত চাইবাৰ জালিয়াতিৰ ঘটনা পাঁচ গুণ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। প্ৰযুক্তিৰ দিশত আগুৱাই যোৱা আমাৰ এই অবিৰত যাত্ৰাৰ লগে লগে, এই নেতিবাচক বাহ্যিক কাৰকবোৰো বৃদ্ধি পাই গৈ থাকিব। গতিকে, এই ক্ষেত্ৰত নাগৰিকসকলক সমৰ্থবান কৰি তুলিবৰ বাবে আমি কিছুমান ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী, আৰু এইটো দিশত সফলতা লাভ কৰাৰ প্ৰথমটো পদক্ষেপ হৈছে ডিজিটেল সুৰক্ষাৰ সন্দৰ্ভত সজাগতা বৃদ্ধি কৰা আৰু চাইবাৰ অপৰাধৰ ঘটনাবোৰৰ সন্দৰ্ভত মানুহে কি উপায়েৰে অভিযোগ দাখিল কৰিব তাৰ এক ৰূপৰেখা প্ৰস্তুত কৰা। 

ট্ৰুকলাৰৰ গণ পৰিক্ৰমা সঞ্চালক প্ৰজ্ঞা মিশ্ৰ মেহঋষিয়ে কয়, “পৃথিৱীখন ডিজিটেল অন্তৰীক্ষৰ দিশে ধাৱমান হোৱাৰ লগে লগে ইণ্টাৰনেট হৈ পৰিছে ২১ শতিকাৰ মধ্যবিন্দু। আমি যোগাযোগ ব্যৱস্থাক সুৰক্ষিত কৰি তাৰ ওপৰত বিশ্বাস গঢ়ি তুলিবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ। এই অভিযান গঢ়ি তুলিবৰ বাবে #TrueCyberSafe বুলি কোৱা আমাৰ ৰাষ্ট্ৰীয় প্ৰচাৰ অভিযানৰ অংশ হিচাপে অসমত আমাৰ প্ৰথমলানি প্ৰশিক্ষণৰ আয়োজন কৰিছোঁ। অনলাইনত কেনেকৈ নিৰাপদে থাকিব, চাইবাৰ অপৰাধসমূহৰ অভিযোগ দাখিল কৰিবলৈ কি কি পদক্ষেপ গ্ৰহণ কৰিব সেইবোৰ কথা জানিবৰ বাবে ডিজিটেল ব্যৱহাৰকৰ্তাসকলক অনুপ্ৰাণিত কৰা আৰু নিৰ্ণায়ক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ সহযোগিতা লাভ কৰাৰ লগতে অসম চৰকাৰৰ সমৰ্থন লাভ কৰি আমি অতিশয় উৎসাহিত হৈছোঁ।

আমি নিশ্চিত যে এই কাৰ্যসূচীয়ে সজাগতা বৃদ্ধিৰ লগতে সকলোৰে বাবে ডিজিটেল যোগাযোগ ব্যৱস্থাটো অধিক নিৰাপদ কৰি তোলাৰ ক্ষেত্ৰত এক সহায়ক ভূমিকা পালন কৰিব”। “চাইবাৰপীচ – দ্য নীড অফ দ্য আৱাৰ” সন্দৰ্ভত মন্তব্য আগবঢ়াই চাইবাৰপীচ ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা আন্তঃৰাষ্ট্ৰীয় অধ্যক্ষ, মেজৰ বিনীত কুমাৰে কয়: “বিগত দুটা দশক ধৰি চাইবাৰপীচ ফাউণ্ডেশ্যনে অনলাইন সুৰক্ষাৰ লগতে অনাগত দিনবোৰত সন্মুখীন হ’ব পৰা সমস্যাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পিছত, আমি বিভিন্ন ধৰণৰ অনলাইন ঠগ-প্ৰবঞ্চনা দেখিবলৈ পাইছিলোঁ আৰু সেইবাবেই ইণ্টাৰনেট বিশ্বৰ লোকসকল যাতে চাইবাৰএৱেৰ তথা চাইবাৰএলাৰ্ট হৈ থাকে আৰু এই সমস্যাবোৰ অৱগত কৰাৰ লগতে তেওঁলোকৰ কথাবোৰ সজোৰে উত্থাপন কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ আমি সমগ্ৰ বিশ্বৰ বিভিন্ন সংস্থাসমূহৰ সৈতে একেৰাহে সহযোগিতা স্থাপন কৰি আহিছোঁ।

লগতে পঢ়ক –  বিজেপি মুখপাত্ৰক গ্ৰেপ্তাৰ কৰা পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ গোচৰ

আমাৰ সমলশক্তি আৰু ট্ৰুকলাৰৰ পাৰদৰ্শিতাৰ সমন্বয় সাধন কৰি আমি বাস্তৱিকতে এক পৰিৱৰ্তনকাৰী জ্ঞান অৰ্জনৰ বিচক্ষণতা গঢ়ি তুলিব পাৰোঁ যি এক কৰ্মক্ষম বুদ্ধিমত্তা প্ৰদান কৰিব আৰু এক অধিক নিৰাপদ অনলাইনৰ পৰিৱেশ অৱলম্বন কৰিবৰ বাবে অংশগ্ৰহণকাৰীসকলক বিভিন্ন ধৰণৰ শিক্ষা প্ৰদান কৰিব।” বিয়লি চাইবাৰপীচৰ হে’ড-কেপাচিটি বিল্ডিং বিষয়া ড০ ৰক্ষিত টেণ্ডনৰ দ্বাৰা কাৰিকৰী অধিৱেশনৰ আয়োজন কৰা হয়। এই অধিৱেশনত চাইবাৰছেফ হৈ থাকিবলৈ ল’বলগীয়া সুৰক্ষামূলক ব্যৱস্থাসমূহৰ সন্দৰ্ভত আলোচনা কৰাৰ উপৰিও বিভিন্ন ধৰণৰ অভিযোগ দাখিল ব্যৱস্থাৰ ওপৰতো আলোচনা কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply