নিউজ ডেস্ক: ২০২২ চনৰ এপ্ৰিল মাহত ৪ হাজাৰ ৪ বিলিয়ন ডলাৰত টুইটাৰ ক্ৰয় কৰিছিল এলন মাস্কে। দায়িত্ব লোৱাৰ পিছৰে পৰা সংস্থাটোৰ ভিতৰত ইটোৰ পিছত সিটো পৰিৱৰ্তন আনিছে বিশ্বৰ ধনাঢ্য ব্যক্তিগৰাকীয়ে।

এইবাৰ তেওঁ টুইট কৰি কয় যে তেওঁ মাইক্ৰ’ ব্লগিং কোম্পানীটোৰ বাবে নতুন মুখ্য কাৰ্যবাহী বিষয়াৰ সন্ধান লাভ কৰিছে। অহা ৬ সপ্তাহৰ ভিতৰত দায়িত্ব গ্ৰহণ কৰিব টুইটাৰৰ নতুন CEOই।

কোম্পানীটোৰ নতুন CEOই দায়িত্ব লোৱাৰ পিছত এলন মাস্কে মুখ্য প্ৰযুক্তিবিদ (চীফ টেকন’লজিষ্ট) হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

অৱশ্যে তেওঁ নতুন CEOৰ নাম টুইটত উল্লেখ কৰা নাই। বৰ্তমান টুইটাৰৰ নতুন CEO হিচাপে এনবিচি ইউনিভাৰ্চেলৰ লিণ্ডা ইয়াকাৰিনোৰ নাম উত্থাপিত হৈছে। এই সন্দৰ্ভত তেওঁৰ সৈতে ইতিমধ্যে আলোচনা হোৱা বুলিও জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply