নিউজ ডেস্ক- অসমৰ টিভি জগতৰ জনপ্ৰিয় ধাৰাবাহিক “বেহাৰবাৰী আউটপষ্ট” ৰ দুগৰাকী অভিনেত্ৰী ক্ৰমে চুমকি কছাৰী আৰু ৰিচা চেত্ৰী সন্মুখীন হ’ল ড্ৰ’ণ আক্ৰমণৰ। সামাজিক মাধ্যমত কেইখন মান ফটো আপলোড কৰি নিজৰ এই কথা ব্যক্ত কৰিলে অভিনেত্ৰী ৰিচা চেত্ৰীয়ে।

বিভিন্ন ঠাইত ৰঙালী বিহুৰ দল-সংগঠনে ওলোৱা শোভাযাত্ৰাত প্ৰায়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী দুয়োগৰাকীক। মাৰ্ঘেৰিটাত অনুস্থিত ৰঙালী বিহুৰ শোভাযাত্ৰাৰ পৰা উভতি আহি মঞ্চত থকা সময়ছোৱাতে এখন ড্ৰ’ণে আহি চুমকি কছাৰী আৰু ৰিচা চেত্ৰীক আঘাত কৰে।
আনহাতে, ৰিচা চেত্ৰীয়ে ফটোগ্ৰাফাৰ তথা ভিডিঅ’গ্ৰাফাৰ সকললৈ অনুৰোধ জনায় কয় যে, “ড্ৰোন ব্যৱহাৰ কৰা সকলো ফটোগ্ৰাফাৰ বা কেমেৰা ব্যক্তিক মোৰ মৃদু অনুৰোধ। অনুগ্ৰহ কৰি এই বিষয়ে সাৱধান হ’ব। ইয়াক ভিৰৰ স্থানত ড্ৰোন ব্যৱহাৰ নকৰিব, অনুগ্ৰহ কৰি ভিৰৰ পৰা পৃথক হৈ কৰিব। আপুনি মানুহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে কিন্তু আপুনি সুৰক্ষিত ফালে থাকিলে নিশ্চিতভাৱে আপোনাৰ ড্ৰোন নিয়ন্ত্ৰণ কৰিব পাৰে। অনুগ্ৰহ কৰি, এনে দুৰ্ভাগ্যজনক ঘটনাৰ বিষয়ে গম্ভীৰ হওঁক। মই জানো দুৰ্ভাগ্যবশতঃ দুৰ্ঘটনা সংঘটিত হয়, কিন্তু ইয়াৰ ফলত কাৰোবাৰ মৃত্যু হ’ব পাৰে। গতিকে, সাৱধান হওক।”
সেয়েহে সকলোৱে ড্ৰোন ব্যৱহৃত ঠাইত সজাগ হৈ থাকিবলৈ ৰিচাই অনুৰোধ জনায়।