গুৱাহাটী : এইবাৰ মাছ বেপাৰীৰ ৰূপত ড্ৰাগছ বেপাৰী। মাছ বেপাৰীৰ কবলৰ পৰা উদ্ধাৰ ড্ৰাগছ। মহানগৰীত দুজন মাছ বেপাৰীৰ কবলৰ পৰা জব্দ হৈছে ড্ৰাগছ।
আৰক্ষীৰ ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থাকৰ ফলত ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী সকলে ন ন কৌশল অৱলম্বন কৰিছে। এইবাৰ মাছ বেপাৰীৰ কবলৰ পৰা জব্দ হৈছে ড্ৰাগছ। বশিষ্ঠ অঞ্চলত দুজন মাছ বেপাৰীৰ কবলৰ পৰা ড্ৰাগছ জব্দ হৈছে।
লগতে পঢ়ক – বিলাসী গাড়ীৰ বিশেষ চেম্বাৰৰ পৰা জব্দ গাঞ্জা
ধৃত মাছ বেপাৰী ৰূপী ড্ৰাগছ বেপাৰী দুজন ৰাতুল আলী আৰু আতিকুৰ আলী। দুয়ো মাছ বেপাৰীৰ ৰূপ ধৰি দীর্ঘদিন ধৰি ড্ৰাগছৰ বেহা চলাই আছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে দুয়োকে জেৰা চলাই আছে।