বৰপেটা : বৰপেটাত নকল সোণৰ নাওসহ দুজনক গ্ৰেপ্তাৰ। বৰপেটা ৰোড আৰক্ষীয়ে অভিযান চলাই বেঁকীৰপাৰৰ বালাভিঠাৰ পৰা এটা নকল সোণৰ নাওসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত যুৱক দুজন ক্ৰমে ছাদ্দাম আলী আৰু নবী হুছেইন৷
যুৱক দুজনৰ ঘৰ লক্ষিমপুৰ জিলাৰ নাওবৈচাত বুলি জানিব পৰা গৈছে। বেঁকীৰপাৰৰ বালাভিঠাৰ ৰহম আলী নামৰ এজন লোকৰ ঘৰত বিগত এবছৰ ধৰি ঘৰ ভাড়া কৰি আছিল যুৱক দুজন। শনিবাৰে বিয়লিৰ ভাগত যুৱক দুজনৰ ঘৰখনত আন দুজন যুৱকো আহিছিল ৷
লগতে পঢ়ক – ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ বিপ্লৱ কুমাৰ দেৱৰ
স্থানীয় ৰাইজে যুৱক দুজনৰ ঘৰত প্ৰৱেশ কৰি জেৰা চলাই থকাৰ সময়ত দুজন যুৱক পলায়ন কৰে৷ ইয়াৰ পিছতে স্থানীয় লোকে লক্ষীমপুৰৰ যুৱক দুজনক আটক কৰি আৰক্ষীক গতাই দিয়ে। যুৱক দুজনৰ কবলৰ পৰা প্ৰায় দুই কিলো ওজনৰ এটা সোণৰ নকল নাও উদ্ধাৰ কৰে ৰাইজে৷