গুৱাহাটী : গুৱাহাটী ৰে’ল আৰক্ষীৰ বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ অপিয়ামসহ দুজন গুৱাহাটী ৰে’ল আৰক্ষীৰ জালত। ডিমাপুৰৰ পৰা ৰে’লযোগে আনিছিল অপিয়ামখিনি।

সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটী ৰে’ল ষ্টেচনত দুজন ড্ৰাগছ সৰবৰাহকাৰী বৃহৎ পৰিমাণৰ অপিয়ামসহ গ্ৰেপ্তাৰ হৈছে। এক গোপন খবৰৰ ভিত্তিত গুৱাহাটী ৰে’ল আৰক্ষীয়ে ৰে’ল ষ্টেচনত অভিযান চলাই এই সাফল্য লাভ কৰে।

লগতে পঢ়ক – বকোত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গ্ৰেপ্তাৰ

ৰে’ল আৰক্ষীয়ে অভ্যাস কুমাৰ আৰু ছুমাল কুমাৰ নামৰ বিহাৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক অপিয়ামখিনিৰ লগতে গ্ৰেপ্তাৰ কৰে। জব্দকৃত অপিয়ামখিনি বজাৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব। যুৱক দুজনে ডিমাপুৰৰ পৰা আনিছিল অপিয়ামখিনি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply