দলগাঁও : দৰঙ জিলাৰ দলগাঁও আৰক্ষীৰ অভিযান। গঁড়ৰ খড়্গসহ দুজনক আটক কৰিলে আৰক্ষীয়ে৷ গঁড়ৰ খড়্গ বিক্ৰীৰ পৰিকল্পনা কৰি থকা অৱস্থাত আটক দুজনক।
দৰঙ জিলাৰ দলগাঁও আৰক্ষীয়ে এক বৃহৎ সাফল্য লাভ কৰিছে। এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই দলগাঁও আৰক্ষীয়ে গঁড়ৰ খড়্গসহ দুজন লোকক আটক কৰিছে।
দলগাঁও আৰক্ষীয়ে বিশেষ তদন্তকাৰী দলৰ সৈতে এক অভিযান চলাই ২.১২ কেজি ওজনৰ এটা গঁড়ৰ খড়্গসহ আটক কৰে সৰুপথাৰৰ ৰজাপুখুৰীৰ হবিবুৰ ৰহমান আৰু ঢেকিয়াজুলিৰ জহৰ আলীক। অভিযানকাৰী দলটোৱে শদিয়াৰ পৰা আটক কৰে হবিবুৰ ৰহমানক৷
লগতে পঢ়ক – নতুন শৰাইঘাট দলঙৰ ওপৰত গাড়ী ৰাখি নিৰুদ্দেশ যুৱক
খড়্গটো বিক্ৰী কৰি থকাৰ পৰিকল্পনা কৰি থকা সময়তে আৰক্ষী আৰু বিশেষ তদন্তকাৰী দলে অভিযান চলাই দুয়োকে আটক কৰে৷ অভিযানকাৰী দলটোৱে অধিক তথ্যৰ বাবে দুয়োকে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।