নিউজ ডেস্কঃ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানত আৰু দুটা নাহৰফুটুকী পোৱালীৰ বৃহস্পতিবাৰে মৃত্যু হৈছে। ইয়াৰ আগতে মঙলবাৰে এটা পোৱালীৰ মৃত্যু হৈছিল। চিতা জ্বালাই ২৭ মাৰ্চত চাৰিটা চিতা পোৱালি জন্ম দিছিল। তেওঁলোকৰ মাত্ৰ এতিয়া এটা হে বাকী আছে। দুমাহত কুনো ৰাষ্ট্ৰীয় উদ্যানত ছয়টাকৈ চিতা বাঘৰ মৃত্যু হৈছে।
ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষই জনোৱা অনুসৰি, জ্বালাই জন্ম দিয়া এটা পোৱালীৰ মৃত্যুৰ পিছতেই আন তিনিটা পোৱালীৰো স্বাস্থ্য অৱস্থাও ভাল নাছিল। যাৰ বাবে তিনিটা চিতা পোৱালীকে কুনো বন্যপ্ৰাণী চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছিল।
মধ্য প্ৰদেশৰ উচ্চ তাপমাত্ৰা আৰু হিট ষ্ট্ৰোকৰ বাবে তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটিছে বুলি ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষই জানিবলৈ দিয়ে। চিকিৎসাধীন অৱস্থাত বৃহস্পতিবাৰে তিনিটাৰে দুটা চিতা পোৱালি মৃত্যু হয়। বাকী থকা এটা চিতা পোৱালিটোৰো অৱস্থাত সংকটজনক বুলি জানিবলৈ দিছে।
উল্লেখ্য যে, ভাৰতৰ পৃষ্ঠভূমিত প্ৰায় ৭০ বছৰৰ পিছত চিতা পোৱালিৰ জন্ম হৈছিল। জ্বালা চিতা বাঘজনীয়ে উল্লেখিত চাৰিটা চিতা পোৱালি জন্ম দিছিল।
মন কৰিবলগীয়া যে, ১৯৫২ চনতেই চিতাবাঘৰ প্রজাতিৰ ভাৰতত বিলুপ্তি ঘটিছিল। প্ৰায় ৭০ বছৰ পূর্বে ভাৰতৰ পৰা বিলুপ্তি ঘটা চিতাবাঘক পুনৰ উজ্জীৱিত কৰিবৰ বাবে যোৱা বছৰৰ ১৭ ছেপ্টেম্বৰত আন্তঃমহাদেশীয় স্থানান্তৰ প্রকল্পৰ অধীনত নামিবিয়াৰ পৰা বিশেষ বিমানযোগে ৮ টা চিতাবাঘ ভাৰতৰ মধ্য প্ৰদেশৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হৈছিল। এই চিতা কেইটাৰ ভিতৰত পাঁচটা মাইকী আৰু তিনিটা মতা চিতাবাঘ আছিল।
ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১৮ ফেব্ৰুৱাৰীত আৰু ১২ টা চিতা দক্ষিণ আফ্ৰিকাৰ পৰা আনি কুনোত এৰি দিয়া হৈছিল। যাৰ ফলত ১৮ ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰতত চিতা বাঘৰ সংখ্যা ২০ টা বৃদ্ধি পাইছিল।
জ্বালাই ৪ টা চিতা পোৱালি জন্ম দিয়া ঠিক আগদিনা অৰ্থাৎ ২৬ মাৰ্চৰ দিনা প্ৰথমটো সাশা নামৰ চিতা বাঘটোৰ মৃত্যুৰ হয়। যাৰ ফলত দেশত চিতা বাঘৰ সংখ্যা ১৯ টালৈ হ্ৰাস পায়।
২৭ মাৰ্চত জ্বালাই জন্ম দিয়া ৪ টা চিতা পোৱালিয়ে ৰাষ্ট্ৰীয় উদ্যানখনলৈ শুভ বাৰ্তা আনে আৰু পুনৰ চিতা বাঘৰ ২৩ টা বৃদ্ধি পাই ভাৰতত চিতা বাঘৰ সংখ্যা।
ইয়াৰ পিছতেই ২৩ এপ্ৰিলত উদয় নামৰ চিতা বাঘ, ৯ মে’ত দক্ষা নামৰ চিতা বাঘ, ২৩ মে’ত জ্বালাৰ প্ৰথমটো চিতা পোৱালি আৰু ২৫ মে’ত দ্বিতীয়টো চিতা পোৱালীৰ মৃত্যুয়ে ভাৰতত এতিয়া ১৮ টালৈ হ্ৰাস পাইছে চিতা বাঘৰ সংখ্যা।
জানোঁ আহক চিতাবাঘৰ বিষয়ে কিছু কথা,
চিতা হৈছে মুখ্যতঃ আফ্ৰিকা আৰু মধ্য ইৰাণত পোৱা এক বন্য প্ৰাণী। মেকুৰী প্ৰজাতিৰ ভিতৰত চিতা আটাইতকৈ ডাঙৰ মেকুৰী। ই হৈছে দ্ৰুতগতিত চলা ফুৰা কৰা জন্তু। যিয়ে প্ৰতি ঘণ্টাত ৯৩ আৰু ৯৮ কিলোমিটাৰ বেগত দৌৰিব পাৰে। ইয়াৰ মূৰৰ পৰা শৰীৰৰ দৈৰ্ঘ্য প্ৰায় ১.১ ৰ পৰা ১.৫ মিটাৰ ভিতৰত। এটা ডাঙৰ চিতাৰ ওজন ২১ ৰ পৰা ৭২ কিলোগ্ৰামৰ ভিতৰত থাকে।
লগতে পঢ়ক – গৃহমন্ত্ৰীৰ উপস্থিতিত ৪৪,৭০৩ গৰাকী প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ