নিউজ ডেস্ক: অসম-মেঘালয় ভূমি বিবাদ সন্দৰ্ভত আজি বৈঠকত মিলিত হ’ব দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী। প্ৰথম পৰ্যায়ত দুই ৰাজ্যৰ বিবাদিত ৬ টা স্থানক লৈ ইতিমধ্যে বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰাৰ পাছত এতিয়া আন ৬ টা বিবাদিত স্থানক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা আৰম্ভ হ’ব।

ভূমি বিবাদ নিস্পত্তিৰ নিমিত্তে দ্বিতীয় পৰ্যায়ৰ প্ৰথমখন বৈঠক আজি কইনাধৰতাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাৰ মাজত অনুষ্ঠিত হ’ব। উল্লেখ্য যে, অসম-মেঘালয়ৰ ভূমি বিবাদ দূৰ কৰাৰ বাবে দ্বিতীয় পৰ্যায়ৰ বৈঠকৰ বিষয়ে যোৱা ১৮ মে’ত প্ৰথমবাৰৰ বাবে ঘোষণা কৰিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।

উল্লেখ্য যে,  মেঘালয়ৰ সৈতে থকা ভূমি বিবাদ দূৰ কৰিবৰ বাবে প্ৰথম প্ৰচেষ্টা হিচাপে মুঠ ৬ টা স্থানৰ বিবাদ দূৰ কৰি দুয়ো ৰাজ্যই দিল্লীত গৃহমন্ত্ৰীৰ উপস্থিতিত এক বুজাপৰাৰ চুক্তি স্বাক্ষৰ কৰিছে। অৱশ্যে তাৰ পাছতো এই অঞ্চল কেইটাত ভূমি বিবাদক লৈ সৃষ্টি হোৱা উত্তেজনা হ্ৰাস হোৱা নাই।

এতিয়াও বকোকে ধৰি কেইবাটাও অঞ্চলত মেঘালয়ৰ আগ্ৰাসন চলাই থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এইবাৰৰ দ্বিতীয় প্ৰচেষ্টাৰ অংশ হিচাপে দুয়ো ৰাজ্যৰ মাজত চলি থকা বৰদুৱাৰ, লাংপিহ, নংৱাহ-মাওটামোৰ, দেশদুমৰেহ, ব্লক-১, ব্লক-২ আৰু চিয়াৰ-খাণ্ডুলিৰ ভূমি বিবাদ দূৰ কৰাৰ প্ৰচেষ্টা চলিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply