গুৱাহাটী : অপৰিবৰ্তিত হৈ আছে ৰাজ্যৰ বান পৰিস্থিতি। এতিয়াও ৰাজ্যৰ ২৮ খনকৈ জিলা বাঢ়নী পানীৰ তলত। জলমগ্ন হৈ আছে ২ হাজাৰতকৈও অধিক গাঁও। বানপানীৰ ফলত ২২ লাখতকৈও অধিক লোক প্ৰভাৱিত হৈ আছে।
চলিত বছৰত ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। নেৰা নেপেৰা বৰষুণৰ ফলত এফালে ফেনে ফুটুকাৰে নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পাই প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল, আনফালে তাণ্ডৱ চলাইছে ভূমিস্খলনে।
বানপানী আৰু ভূমিস্খলনৰ ফলত ৰাজ্যত চলিত বছৰত বৰ্তমানলৈকে ১২৭ জনকৈ লোকৰ মৃত্যু হৈছে। এই মৃত্যুৰ সংখ্যা সোমবাৰে ১২৯ জনলৈকে বৃদ্ধি পায়। বাঢ়নী পানীত পৰি সোমবাৰে আৰু দুনজৰ মৃত্যু ঘটে।
লগতে পঢ়ক – চাৰি বছৰত অসমলৈ কেন্দ্ৰৰ মাত্ৰ ৪৪ কোটি বান সাহায্য; প্ৰদ্যুৎ বৰদলৈৰ পত্ৰত উন্মোচিত কেন্দ্ৰ চৰকাৰৰ অসমপ্ৰীতি
মহানগৰীৰ বোন্দাত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত পৰি মৃত্যু ঘটে দুটিকৈ শিশুৰ। বোন্দাৰ খেৰবাৰীত সংঘটিত হয় এই শোকাবহ ঘটনা। খেলি থকাটো পানীত পৰি মৃত্যু ঘটে জিয়াৰোল আলী আৰু আফজল উদ্দিন নামৰ শিশু দুটিৰ।