গোৱালপাৰা : গোৱালপাৰাত ভূমিস্খলনৰ ঘটনা। গোৱালপাৰাত দেৱাল খহি দুই শিশুৰ কৰুণ মৃত্যু। মৃত শিশু দুটি ভাতৃ-ভগ্নী। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।
গোৱালপাৰা জিলাত সংঘটিত হৈছে এক ভূমিস্খলনৰ ঘটনা। ৰাস্তাৰ দেৱাল খহি দুটি শিশুৰ কৰুণ মৃত্যু ঘটিছে। নিহত শিশু দুটি ভাতৃ-ভগ্নী বুলি জানিব পৰা গৈছে। পুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই শোকাবহ ঘটনা।
গোৱালপাৰা চহৰৰ ১৯ নং ৱাৰ্ডৰ আজাদ নগৰত আছিৰ উদ্দিন ছিকদাৰ নামৰ এজন লোকৰ ঘৰৰ ওপৰত ৰাস্তাৰ দেৱাল খহি পৰে। সেই সময়ত বিছনাত শুই থকা দুটি শিশুৰ দেৱালৰ তলত আৱদ্ধ হৈ পৰে। ঘটনাৰ খবৰ পাই এছ ডি আৰ এফ বাহিনীৰ লোক ঘটনাস্থলতী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।
লগতে পঢ়ক – পথ নিৰ্মাণৰ দাবীত মাৰ্ঘেৰিটাত আদিবাসী ছাত্ৰসন্থাৰ উত্তাল প্ৰতিবাদ
অভিযানকাৰী দলটোৱে দুটি শিশুৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। নিহত শিশু দুটি হুছেন আলী আৰু আছমা খাতুন বুলি জানিব পৰা গৈছে। দেৱাল খহি দুটাকৈ শিশুৰ কৰুণ মৃত্যু হোৱা ঘটনাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।