বিহালী : ৰাজ্যত পুনৰ সংঘটিত হৈছে এক জঘন্য ধর্ষণকাণ্ড। বিহালীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। দুই সন্তানৰ পিতৃৰ কামনাৰ বলি হ’ল এগৰাকী কিশোৰী।
ৰাজ্যত এতিয়া সুৰক্ষিত নহয় কিশোৰী, যুৱতী সকল। এটাৰ পিছত আনটো ধর্ষণকাণ্ডই জোকাৰি গৈছে ৰাজ্য। এইবাৰ এগৰাকী কিশোৰী ধৰ্ষণৰ বলি হৈছে বিহালীত।
বিহালীৰ বৰগাঙত এগৰাকী কিশোৰীক ধর্ষণ কৰিলে দুই সন্তানৰ পিতৃয়ে। কিশোৰী গৰাকীক উপৰ্যুপৰি ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে দুই সন্তানৰ পিতৃ কৰুণ তামাঙ নামৰ এজন লোকৰ বিৰুদ্ধে।
লগতে পঢ়ক – বোকাখাতত অনুষ্ঠিত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা
জানিব পৰা মতে কিশোৰী গৰাকী খুড়াৰ ঘৰত আছিল আৰু কৰুণ তামাঙ নামৰ লোকজনে কিশোৰী গৰাকীক ঘৰৰ ভিতৰত প্ৰৱেশ কৰি ধর্ষণ কৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ধৰ্ষণৰ অভিযুক্ত কৰুণ তামাঙ নামৰ লোকজনক।