বোকাজান : কাৰ্বি আংলং আৰক্ষীৰ আন এক বৃহৎ সাফল্য। ১৫২ টা চাবোনৰ বাকচৰ ভিতৰত ১৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰিলে কাৰ্বি আংলং আৰক্ষীয়ে। নাকা তালাচীত আৰক্ষীয়ে এখন বাহনৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।
কাৰ্বি আংলং আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানৰ আন এক বৃহৎ সাফল্য। কাৰ্বি আংলং জিলাৰ বোকাজানৰ ডিলাইৰ ১২ মাইলত অভিযান চলাই কাৰ্বি আংলং আৰক্ষীয়ে এশন বাহনৰ পৰা জব্দ কৰে ২ কেজি ড্ৰাগছ। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ১৪ কোটি টকা।
লগতে পঢ়ক – বৰপেটা জিলা মহিলা কংগ্ৰেছৰ সভানেত্রীৰ দায়িত্বত পদ্মা দাস
এক গোপন খবৰৰ ভিত্তিত কাৰ্বি আংলং আৰক্ষীয়ে ডিলাইৰ ১২ মাইলত নাকা তালাচী চলাই এখন বাহনৰ ভিতৰৰ পৰা ১৫২ টা চাবোনৰ বাকচত ড্ৰাগছখিনি জব্দ কৰে। বাহনখন ডিমাপুৰৰ ফালৰ পৰা আহি আছিল। আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে মণিপুৰৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে।