নিউজ ডেস্ক: অসম বিশ্ববিদ্যালয়ৰ উদ্যোগত ১২ আৰু ১৩ মে’ তাৰিখে দুদিনীয়া কাৰ্যসুচীৰে জনগোষ্ঠীয় উৎসৱৰ আয়োজন কৰা হয়।
অনুষ্ঠানটোৰ মুখ্য পৃষ্ঠপোষক আছিল শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য অধ্যাপক ৰাজীৱ মোহন পন্ত।
লগতে অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল ভাৰতৰ অৰণ্য় মানৱ বুলি পৰিচিত পদ্মশ্ৰী বঁটা বিজয়ী যাদৱ পায়েং; উজনি অসম চক্ৰৰ মুখ্য বন সংৰক্ষক শিৱকুমাৰ পেৰিয়াছামী যাক মিষ্টাৰ কাজিৰঙা বুলিও জনা যায়, সাধাৰণ সম্পাদক, অনুসূচিত জাতি মৰ্চাৰ লগতে SLAC, Govt. অসমৰ হিমন্ত দাস, সম্পত্তি পৰিচালক বিপুল গোহাঁই, ডাই. জেনেৰেল মেনেজাৰ (এইচ আৰ) সত্যেন্দ্ৰ কুমাৰ, মুখ্য মহাপ্ৰবন্ধক সতীশ চন্দ্ৰ কৌলী , অ’এনজিচি শ্ৰীকোনা শিলচৰ; অসম ৰাজ্যিক জইন সাংগঠনিক সম্পাদক আৰু ৰোজকাণ্ডী চাহ বাগিচাৰ প্ৰতিনিধি নিৰাজ চৌধৰকাৰ।

এই অনুষ্ঠানত দেশৰ প্ৰায় ২৫ জনগোষ্ঠীৰ লোকগীত আৰু লোকনৃত্য প্ৰদৰ্শন কৰা হয়। এই অনুষ্ঠানত জনগোষ্ঠীয় খাদ্যৰ বিপনী, বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শনৰো আয়োজন কৰা হয়।
আউছুৰ (AUSU) উপ-সভাপতি কিছামলুংবে পামে ডাঙৰীয়াই কয় যে ২০২৩ বৰ্ষৰ অসম বিশ্ববিদ্যালয় প্ৰথম আৰু সৰ্ববৃহৎ জনগোষ্ঠীয় উৎসৱ আৰু ই এক বৃহৎ সফলতা লাভ কৰিছে। তেওঁ এই ধাৰা অব্যাহত থাকিব বুলি আশা কৰিছে আৰু বিশ্ববিদ্যালয়খনক অনুৰোধ জনাইছে যে সকলোকে সমান মঞ্চ প্ৰদান কৰা এনে অনুষ্ঠানক সমৰ্থন আৰু উৎসাহিত কৰিবলৈ। লগতে অনুষ্ঠানটো সফল কৰি তোলাত বিভিন্ন ধৰণে অৱদান আগবঢ়োৱা সকলোকে তেওঁ স্বীকৃতি দিয়ে।