শিলচৰ : পুনৰ অসম আৰক্ষীৰ এনকাউণ্টাৰ। দুজন দুধর্ষ ডকাইতৰ এনকাউণ্টাৰ কৰিলে অসম আৰক্ষীয়ে। নিহত দুয়োজন দুধর্ষ ডকাইত। পলায়নৰ চেষ্টা চলাওঁতে আৰক্ষীয়ে গুলীয়াই ডকাইত দুজনক।
ৰাজ্যত পুনৰ সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। দুজনকৈ দুধর্ষ ডকাইতক এনকাউণ্টাৰ কৰিছে আৰক্ষীয়ে। কাছাৰ আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছে ডকাইত দুজন। কাছাৰ আৰক্ষীৰ গুলীত থিতাতে নিহত হয় ডকাইত দুজন।
লগতে পঢ়ক – Assam Flood : ২৭ খনকৈ জিলাৰ ২২ লাখ ১৭ হাজাৰ ৭৭৮ জন লোক বানপানীৰ ফলত প্ৰভাৱিত
নিহত ডকাইত দুজন কমৰুল ইছলাম আৰু আমৰুল হুছেইন। কাছাৰ আৰক্ষীৰ কবলৰ পৰা পলায়নৰ চেষ্টা চলাওঁতে কাছাৰ আৰক্ষী ডকাইত দুজনক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে মহানগৰী গুৱাহাটীৰ যোৰাবাট আৰক্ষীয়ে তিনিজন দুধর্ষ ডকাইতক আটক কৰিছিল।