আজাৰা : মহানগৰীৰ গড়লৰ ভট্টাপাৰাত দুই কিশোৰৰ সলিল সমাধি। পথাৰৰ মাজত থকা দ খাৱৈত পৰি মৃত্যু দুই কিশোৰৰ। এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কৰিছে মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ।
মহানগৰীৰ গড়লৰ ভট্টাপাৰাত এক শোকাবহ ঘটনা সংঘটিত হৈছে। পথাৰৰ মাজত থকা দ খাৱৈত পৰি দুই কিশোৰৰ কৰুণ মৃত্যু ঘটিছে। পথাৰত ফুৰিবলৈ আহি বহু সময় ধৰি সন্ধানহীন হৈ আছিল কিশোৰ দুজন। আত্মীয়ই বিচাৰ খোচৰ কৰাত খাৱৈৰ পাৰত চাইকেল আৰু চেণ্ডেল প্ৰত্যক্ষ কৰে।
লগতে পঢ়ক – দিল্লীত এক দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি ল’লে জামুগুৰিহাটৰ এজন যুৱকে
ইয়াৰ পিছতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাই খাৱৈৰ পৰা দুই কিশোৰৰ মৃতদেহ উদ্ধাৰ কৰে। দুই কিশোৰ গড়ল ভট্টাপাৰাৰে ক্ৰমে ১২ বছৰীয়া বিতু দাস আৰু ৮ বছৰীয়া হিৰোকজ্যোতি দাস ওৰফে বগা। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।