নিউজ ডেস্ক : মণিপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত দুজনকৈ লোক নিহত। বহু লোক সন্ধানহীন। উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনা বাহিনীয়ে।

মণিপুৰত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। বুধবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। মণিপুৰৰ ননি জিলাত টেৰিটৰয়েল আৰ্মীৰ কেম্পৰ ওপৰত পাহাৰ খহি পৰাত টেৰিটৰয়েল আৰ্মীৰ দুজন লোক নিহত হয়।

নিশা সংঘটিত হোৱা ভূমিস্খলনৰ পিছতে মাটিৰ তলৰ পৰা কেইবাজনো লোকক উদ্ধাৰ কৰা হয় যদিও এতিয়াও বহু লোক সন্ধানহীন হৈ আছে। সন্ধানহীন লোক সকলক উদ্ধাৰ কৰাৰ বাবে মণিপুৰ আৰক্ষী আৰু সেনাই অভিযান অব্যাহত ৰাখিছে।

লগতে পঢ়ক –  Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

উল্লেখ্য যে নেৰা নেপেৰা বৰষুণৰ ফলত এই ভয়ংকৰ ঘটনা সংঘটিত হয়। আহত লোক সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। প্ৰতিকূল বতৰৰ বাবে উদ্ধাৰ অভিযানত কিছু সমস্যাৰ সৃষ্টি হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply