বৰপেটা : বৰপেটাত ভয়ংকৰ পথ দুর্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে দুজন লোক। আহত হৈছে সাতজনকৈ লোক। যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মাজত হোৱা মুখামুখী সংঘৰ্ষত নিহত হয় লোক দুজন।
বৰপেটা জিলাৰ চাউলখোৱা নৈৰ দলঙৰ ওপৰত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হৈছে। পুৱতি নিশা প্ৰায় ৪ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। এখন যাত্ৰীবাহী টেম্পু আৰু ট্ৰাকৰ মাজত মুখামুখী সংঘর্ষৰ ফলত দুজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে অহাত হয় সাতজনকৈ লোক।
আহত লোক সকলক বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। আনহাতে দুর্ঘটনা নিহত লোক দুজনৰ নাম আবুল আৰু ইনজামামুল বুলি জানিব পৰা গৈছে। আহত টেম্পু চালকজনৰ অৱস্থা সংকটজনক বুলিও জানিব পৰা গৈছে। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।