বঙাইগাঁও : বঙাইগাঁৱত শোকাবহ পথ দুর্ঘটনা। অচিনাক্ত বাহনৰ খুন্দাত থিততে নিহত দুই বাইক আৰোহী। আহত আন এজন লোকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
দেওবাৰে নিশাৰ ভাগত বঙাইগাঁও জিলাত সংঘটিত হয় এক ভয়ংকত পথ দুর্ঘটনা। পথ দুর্ঘটনাটোত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় এজন লোক। আহত লোকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
বঙাইগাঁও জিলাৰ বৰখাতাত সংঘটিত হয় এই ভয়াৱহ পথ দুৰ্ঘটনা৷ অচিনাক্ত বাহন এখনে এএছ-১৯-জি-৪৪৫৪ নম্বৰৰ এখন বাইকত খুন্দা মৰাত দুজন লোক থিততে নিহত হয়। নিহত লোক দুজন হৈছে মাণিক ৰায় আৰু সৌৰভ সুত্ৰধৰ।
লগতে পঢ়ক – দুলীয়াজানত বিদ্যালয়ৰ সন্মুখৰ পৰাই ছাত্ৰীক অপহৰণৰ চেষ্টা
আনহাতে পথ দুর্ঘটনাটোত গোপাল ৰায় নামৰ আন এজন লোক গুৰুত্বৰভাৱে আহত হৈছে। আহত গোপাল ৰায়ক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুর্ঘটনা সংঘটিত কৰা বাহনখন দুর্ঘটনাস্থলীৰ পৰা পলায়ন কৰে